Bina Bhagwati: কণ্ঠশিল্পী বীণা ভাগৱতীৰ দেহাৱসান

ষাঠী-সত্তৰ দশকৰ সুকণ্ঠী গায়িকা বীণা ভাগৱতীৰ দেহাৱসান। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ।( Bina Bhagwati)

পুৱা ৬ বাজি ১০ মিনিটত জু-ৰোডস্থিত বাসগৃহত শেষ নিঃশ্বাস ত্যাগ বৰ্ষীয়ান কণ্ঠশিল্পীগৰাকীৰ।

বহু জনপ্ৰিয় চিৰসেউজ গীতত কণ্ঠদান কৰিছিল বীণা ভাগৱতীয়ে।

অজস্ৰ গুণমুগ্ধই শোক প্ৰকাশ কৰিছে কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত।

শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও। সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লিখে,

‘মোৰ চোতালৰ তুলসী তলত

বন্তি জ্বলাব কোনে…”

অসমীয়া সংগীতৰ এক অম্লান কণ্ঠ বীণা ভাগৱতী বাইদেউৰ প্ৰয়াণৰ খবৰে অতি মৰ্মাহত কৰিলে৷ ‘মোৰ চোতালৰ তুলসী তলত’, ‘উকুলি-মুকুলি কুকুলিকে খেলা’, ‘ৰহদৈ অ’ এয়া নিৰ্মলা নদীৰ ঘাট’ আদিকে ধৰি ভালেকেইটা চিৰসেউজ গীত উপহাৰ দি অসমীয়া সংগীতক ধন্য কৰা ব্যতিক্ৰমী কণ্ঠৰ অনাতাঁৰ শিল্পীগৰাকীৰ অৱদান অসমৰ সমাজ জীৱনে কেতিয়াও নাপাহৰিব৷ বৰেণ্য কণ্ঠশিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷

ওঁম শান্তি’

Related Articles