বিকাশ অসমক বীৰ লাচিত সেনাৰ পৰা বহিষ্কাৰ । শিৱসাগৰত বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহাৰ সংবাদ মেল । Bir Lachin Sena 

Bir Lachin Sena  । গুৱাহাটীতো বীৰ লাচিত সেনাৰ মুখ্য সচিৱ ৰন্তু পানীফুকনক সংবিধান মেলৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে শিৱসাগৰৰ নিজ বাসগৃহত এক তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংগঠনৰ প্ৰশাসনিক সচিৱ শৃংখল চলিহাই।

সংবাদ মেলত শৃংখল চলিহাই কয় — “ৰন্তু পানীফুকন, উৎপল অসম আৰু তন্ময় ফুকনক কিয় গ্ৰেপ্তাৰ কৰা হ’ল, চৰকাৰে তাৰ স্পষ্ট উত্তৰ দিব লাগিব। যদি অনতিপলমে তেওঁলোকক মুক্তি নিদিয়া হয়, তেন্তে বীৰ লাচিত সেনাই কাইলৈৰ পৰা জংগী আন্দোলনৰ পথ বাছি ল’ব।”

চলিহাই সংবাদ মেলত বিকাশ অসমৰ বিৰুদ্ধে অহা অভিযোগৰ প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰি কয় — “বিকাশ অসমক সংগঠনৰ সকলো দায়িত্বৰ পৰা তথা প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়া হ’ল।”

তেওঁ লগতে কয়, “বীৰ লাচিত সেনাৰ কিছুমান সদস্যক ডকাইতি কেচত সংযোজিত কৰি গ্ৰেপ্তাৰ কৰাটো এটা গুৰুতৰ ষড়যন্ত্ৰ। চৰকাৰে প্ৰথমে প্ৰমাণ কৰিব লাগে — অপৰাধৰ সৈতে জড়িত লোকবোৰ বীৰ লাচিত সেনাৰ সদস্য নে নহয়। যদি প্ৰমাণ হয়, তেন্তে সংগঠনে নিজৰ ভিতৰতে ব্যৱস্থা ল’ব।”

চলিহাই চৰকাৰৰ ওপৰত গুৰুতৰ অভিযোগ তুলি কয় — “বীৰ লাচিত সেনাৰ সত্ত্বাক ধ্বংস কৰিবলৈ চৰকাৰে ৰাজনৈতিক স্বাৰ্থৰ বাবে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। যদি এনে ধৰণৰ দমননীতি চলি থাকে, তেন্তে মিঞা আৰু অনাঅসমীয়াই অসমত চলি ফুৰিব, কিয়নো কেৱল বীৰ লাচিত সেনাই তেওঁলোকক ভয় কৰায়।”

তেওঁ একাংশ সংবাদ মাধ্যমৰ ওপৰতো তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চলিহাই কয়, “কিছুমান সংবাদ মাধ্যমে আমাক বিচাৰৰ আগতে দোষী ঘোষণা কৰে, কিন্তু যেতিয়া আমি নিৰ্দোষ প্ৰমাণিত হওঁ, তেতিয়া তেওঁলোক মৌন হৈ থাকে।”

সংগঠনৰ ওপৰত হোৱা পদক্ষেপক “সম্পূৰ্ণ ৰাজনৈতিক ষড়যন্ত্ৰ” বুলি বৰ্ণনা কৰি শৃংখল চলিহাই কয়, “শাসকীয়-বিৰোধী সকলো দলেই বীৰ লাচিত সেনাক ভয় কৰে। কিয়নো কোনো দল বঙালী, মিঞা বা বণিয়াৰ বাবে দায়বদ্ধ, কিন্তু বীৰ লাচিত সেনা কেৱল অসম আৰু অসমীয়াৰ বাবে দায়বদ্ধ। এই কাৰণেই চৰকাৰ আমাৰ প্ৰতি আতংকিত।”

চলিহাই আরও কয়, “অসমত এতিয়া এক ৰাজনৈতিক মহাভাৰত আৰম্ভ হৈছে, কিন্তু শকুণি কোন, সেইটো এতিয়াও চিনি পোৱা নাই। কিছুদিন আগতে মুখ্যমন্ত্ৰীয়ে কৈছিল — বীৰ লাচিত সেনাৰ সকলো সৈনিকৰ গাত লাচিতৰ তেজ বৈছে। কিন্তু আজি সেই মুখ্যমন্ত্ৰীয়ে সংগঠনৰ ওপৰত নিষেধাজ্ঞা আনে। এই বিপৰীত অৱস্থাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনগণক উত্তৰ দিব লাগিব।”

শেষত শৃংখল চলিহাই সপোষ কৰি কয় — “যদি কাইলৈৰ ভিতৰত গ্ৰেপ্তাৰ কৰা নেতৃত্বক মুক্তি নিদিয়া হয়, তেন্তে বীৰ লাচিত সেনাই ৰাজপথ উত্তাল কৰি প্ৰতিবাদ আন্দোলন আৰম্ভ কৰিব।”

Related Articles