টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে ২০১৩ বৰ্ষৰেপৰা প্ৰদান কৰি অহা বীৰাঙ্গনা মূলাগাভৰু বঁটা এইবাৰ বিশিষ্ট সাহিত্যিক তথা সাহিত্যক পেঞ্চনাৰ ড° অনিমা গগৈক প্ৰদান কৰা হ’ব। ২০০৯ চনত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰাৰ উপৰিও ড° আম্বেদকাৰ ফেলোশ্বিপ বঁটা, বীৰাঙ্গনা জয়মতী বঁটাকে ধৰি বহু কেইটা বঁটা লাভ কৰা ড° অনিমা গগৈক অহা ২৩ আৰু ২৪ এপ্ৰিলত সোণাৰিত অনুষ্ঠিত হ’ব লগীয়া এটা বিশেষ অনুষ্ঠানত বীৰাঙ্গনা মূলাগাভৰু বঁটা প্ৰদান কৰা হ’ব।
উল্লেখ্য যে, অসমৰ জাতীয় বীৰাঙ্গনা মূলাগাভৰুৰ জীৱনাদর্শ, বলিষ্ঠ ভূমিকা আৰু ত্যাগক গভীৰ শ্ৰদ্ধা আৰু উচিত মর্য্যদাৰে সুঁৱৰি ২০১৩ বর্ষৰপৰা ক্ৰমাগতভাৱে ঐতিহ্যমণ্ডিত সোণাৰি নগৰত অনুষ্ঠিত কৰি আহিছে ”বীৰাঙ্গনা মূলাগাভৰু স্মৃতি দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান৷ অসমৰ সমাজ জীৱন, শিক্ষা, সাহিত্য আৰু নাৰীৰ উত্তৰণৰ বাবে বিশেষ অৱদান আগবঢ়োৱা বৰেণ্যা নাৰী প্ৰয়াত চিত্ৰলতা ফুকন(২০১৩), বীৰুবালা ৰাভা(২০১৪), নিৰুপমা বৰগোহাঞি(২০১৫) ড০ অনিমা গুহ(২০১৬) আৰু ড০ সুখ বৰুৱা(২০১৭), অসমৰ বিশিষ্ট সংগীতশিল্পী, সুকণ্ঠী গায়িকা দিপালী বৰঠাকুৰক (২০১৮), বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা (২০১৯) আৰু ৰতিপ্ৰভা গগৈ (২০২১)ক ইতিমধ্যে প্ৰদান কৰা হৈছে বীৰাঙ্গনা মূলাগাভৰু বঁটা ৷

