অসমৰ প্ৰখ্যাত আৰ্দ্ৰভূমি সমূহৰ অন্যতম দক্ষিণ কামৰূপৰ ৰামপুৰৰ দৰাবিলৰ বুকুত দৈনন্দিন অলেখ চৰাই বিচৰণ কৰি থাকে। স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী দৰাবিলৰ আশে-পাশে শেহতীয়াভাৱে এচাম দুস্কৃতিকাৰীয়ে সংগোপনে পক্ষী নিধন কৰিবলৈ ধৰিছে। গত ৬ জুন তাৰিখে এচাম দুস্কৃতিকাৰীয়ে দিন-দুপৰতে শতাধিক বগলী চৰাই নিধন কৰি পলাবলৈ যত্ন কৰোতে স্থানীয় একাংশ সচেতন নাগৰিকৰ তৎপৰতাত কাৰায়ত্ব হয়। পিছত দুস্কৃতিকাৰী কেইজনক ৰাইজে আৰক্ষীক গতাই দিয়ে। দৰাবিলৰ বাকৰিত দুস্কৃতিকাৰীৰ এনেকুৱা দুস্কাৰ্যৰ বিৰুদ্ধে ধিক্কাৰ দিছে স্বেচ্ছাসেৱী সংস্থা ৰামপুৰ আঞ্চলিক জনকল্যান সমিতিয়ে। সমিতিৰ সাধাৰণ সম্পাদক বিমল শৰ্মাই দৰাবিলত দুস্কৃতিকাৰীৰ বিৰুদ্ধে বন বিভাগে কঠোৰ পদক্ষেপ গ্ৰহন কৰিব লাগে বুলি দাবী জনাইছে। লগতে স্বেচ্ছাসেৱী সংগঠনটোৰ সম্পাদক শৰ্মাই দৰাবিলৰ পক্ষীকুলক ৰক্ষণাবেক্ষণ দিবলৈ বন বিভাগক বিশেষভাৱে দায়িত্ব দিবলৈ অসম চৰকাৰৰ বনমন্ত্ৰীক আহ্বান জনায়। সমান্তৰালভাৱে জৈৱ-বৈচিত্ৰৰ মেটমৰা ভড়াল থকা আৰু অনেক দুস্প্ৰাপ্য পক্ষীৰ আবাসস্থলী দৰাবিলত যাতে দুস্কৃতিকাৰীয়ে পুনৰ উপদ্ৰপ চলাব নোৱাৰে তাৰবাবে অসম বিজ্ঞান সমিতিয়েও চৰকাৰলৈ আহ্বান জনায়। সমিতিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰসেনজিৎ কলিতাই পক্ষী নিধনৰ দৰে নিন্দনীয় কাৰ্যত ধৃত দুস্কৃতিকাৰীক দৃষ্টান্তমূলক শাস্তি দিবলৈ বন বিভাগক আহ্বান জনায়।

