Birsa Munda: বীৰছা মুণ্ডাৰ জন্ম-জয়ন্তী উপলক্ষে বৰক্ষেত্ৰীত সজাগতা সভা

বীৰছা (Birsa Munda) মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত নাৰুৱাত আজি এখন গুৰুত্বপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখ্য যে বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে ২০২৪ চনৰ নৱেম্বৰ মাহৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে এই সজাগতা সভাখন। সজাগতা সভাখনৰ মূল উদ্দেশ্যে হৈছে জনজাতীয় লোকসকলক চৰকাৰী আঁচনি লাভ কৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদান কৰা।

ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত আঁচনি আৰু বিভিন্ন সা-সুবিধা কেনেকৈ লাভ কৰিব পাৰি সেই সম্পৰ্কে ৰাইজক সজাগ-সচেতন কৰাৰ উদ্দেশ্যে আয়োজিত সভাখনত উপস্থিত থাকে বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া নিশি নাথ শৰ্মা, নলবাৰী জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ বিষয়া দ্বীপেন মেনা, বৰক্ষেত্ৰীৰ ৰামপুৰ কৃষি উন্নয়ন বিষয়া জ্যোতিস্মান শৰ্মা, স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ নাৰুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক মনোৱাৰা খাতুন, ৰেচম বিভাগৰ থানেশ্বৰ ডেকা, ৫৩ নং জয়সাগৰ- কেকানকুছি গাওঁ পঞ্চায়তৰ সভানেত্ৰী নন্দিতা বৰ্মণ বৈশ্য, ৫৩ নং জয়সাগৰ- কেকানকুছি গাওঁ পঞ্চায়তৰ সচিব নুৰুল ইছলাম, পঞ্চায়তখনৰ এম.টি.এচ হৃষীকেশ ভট্টাচাৰ্য, সুৰজিৎ ৰাজবংশী প্ৰমুখ্যে ভালেমান জনজাতীয় মহিলাৰ লগতে স্থানীয় লোক উপস্থিত থাকে।

Related Articles