Breaking

নদুৱাৰৰ বালিজুৰিত বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী

0 107

বিশ্বনাথ জিলাৰ নদুৱাৰৰ দক্ষিণ বালিজুৰিত ১৫ নবেম্বৰ দিনা ৰাষ্ট্ৰীয় বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ ১৪৬ তম জন্ম জয়ন্তী উদযাপন কৰা হয় । অসম মুণ্ডা মহাসভা পূৱ নদুৱাৰ আঞ্চলিক সমিতিৰ সৌজন্যত আৰু দক্ষিণ বালিজুৰি শাখা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত জন্ম জয়ন্তী অনুষ্ঠানত পুৱা চাফাই অভিযানৰ পিছতে অভ্যৰ্থনা সমিতিৰ সভাপতি জিতেন মুণ্ডাৰ দ্বাৰা পতাকা উত্তোলন আৰু সম্পাদক মদন মুণ্ডাৰ স্মৃতি তৰ্পন কাৰ্যসুচীৰ অন্তত এক বাৰেবৰণীয়া সাস্কৃতিক শোভাযাত্ৰা উলিয়াই। দিনৰ এক বজাত বিশ্বনাথ জিলা অসম মুণ্ডা মহা সভাৰ সভাপতি খাণ্ডু হ’ৰ আৰু সম্পাদক বুবুল মুণ্ডাৰ আতিথ্যত মোহন মুণ্ডাৰ পৌৰোহিতত অনুষ্ঠিত হয় মুকলি সভা । মুকলি সভাত অসম মুণ্ডা মহাসভাৰ শোণিতপুৰ জিলাৰ উপ-সভাপতি চেনাৰাম মুণ্ডা,সহকাৰী সম্পাদক ৰাজু মুণ্ডা,সাংগঠ্নিক সম্পাদিকা জমিতা হ’ৰ,সাংস্কৃতিক সম্পাদিকা চম্বাৰী মুণ্ডাসহ কেইবা গৰাকী বিশিষ্ট লোকে অংশ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় বীৰ ছহীদ বিৰচা মুণ্ডাৰ জীৱন সম্পৰ্কে আলোকপাত কৰে প্ৰৱীণ লেখক বিষ্ণু মুণ্ডাই। এক গাম্ভীৰ্য পূৰ্ণ সভাত কেন্দ্ৰীয় আটছাৰ প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ,বিশ্বনাথ জিলা আটছাৰ শিক্ষাও সাহিত্য সম্পাদক অবিনাশ ৰাজৱাৰৰ লগতে কেইবা গৰাকী বিশিষ্ট লোকে মুণ্ডা সমাজৰ লগতে চাহ জনগোষ্ঠী আদিবাসী জাতিটো বিভিন্ন দিশত অবহেলিত হৈ অহাৰ কথা উল্লেখ কৰি ছহীদ বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীত চৰকাৰে বন্ধ ঘোষনা নকৰাত ক্ষোভ প্ৰকাশ কৰি উঠি অহা প্ৰজন্মক বিৰচা মুণ্ডাৰ জীৱন সম্পৰ্কে অধ্যয়ন কৰি অনাগত দিনত তেখেতৰ জাতিৰ প্ৰতি থকা ত্যাগক জীয়াই ৰাখিবলৈ আহ্বান জনায়। লগতে মুণ্ডা জাতিৰ বাবে ৰাষ্ট্ৰীয় ছহীদ গৰাকীয়ে আমাৰ বাবে যি অনবদ্য সেৱা আগঢ়াইছে সেয়া অতুলনীয়। সেয়ে আমাৰ সমাজে তেখেতৰ আদৰ্শক সৰোগত কৰি সমাজখনক আগুৱাই নিব লাগিব তেতিয়া হে ৰাষ্ট্ৰীয় বীৰ ছহীদ গৰাকীক উচিত মৰ্য্যদা দিয়া হব বুলি মন্তব্য কৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত অনুষ্ঠানটিত বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপৰিও নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁ‌তী,সম্পাদক গ্ৰীনন্দৰ কুৰ্মী,শিক্ষাও সাহিত্য সম্পাদক চম্ৰা মুণ্ডা সাংগঠনিক সম্পাদক সঞ্জয় কুৰ্মী,অন্যতম কাৰ্যনিৰ্বাহক অৰুন গোৱালা, আদিবাসী ছাত্ৰ সন্থা নদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি অনন্ত কুজুৰ উপস্থিত থাকে।

Leave A Reply