Breaking

গহপুৰত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ জন্মদিন পালন

0 2,032

গহপুৰৰ ডাঠকলাত বৃহস্পতিবাৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৫০সংখ্যক জন্মদিন উদযাপন কৰা হয়। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ জন্মদিন উদযাপন উপলক্ষে ডাঠকলাৰ লক্ষ্মী নাৰায়ণ মন্দিৰ ৰঙ্গমঞ্চত অৱসৰ প্ৰাপ্ত শিক্ষক ধৰ্মানন্দ শৰ্মাৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয়। বাকৰিদলনি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলীপ শৰ্মাই আঁত ধৰা সভাখনত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে কেক কাটে জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ, নাট্যকাৰ দিলীপ কুমাৰ শৰ্মাই। যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গক গীত মুক্তিৰে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰা উদ্দেশ্যৰে আয়োজিত উক্ত সভাখনতে  ডাঠকলাৰ প্ৰতিভাৱান কণ্ঠশিল্পী প্ৰদীপ প্ৰধানৰ কণ্ঠত ‘যুৱ প্ৰজন্মৰ তুমি সুৰীয়া কণ্ঠ, জুবিন দা আমাৰ তুমি অনন্য’ শীৰ্ষক গীত উন্মোচন কৰা হয়। ‘অসমীয়া খবৰ’ কাকতৰ কলাবাৰীৰ স্থানীয় সাংবাদদাতা ৰমেন বৰাই লিখা, বিহপুৰীয়াৰ পংকজ বৰুৱাই সুৰ কৰা তথা নাৰায়ণপুৰৰ মানস প্ৰতীম বৰাই সংগীত ব্যৱস্থাপনা কৰা গীতটো শ্ৰোতা ৰাইজৰ বাবে আনুষ্ঠানিক ভাবে উন্মোচন কৰে জ্যোতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ, নাট্যকাৰ, সাহিত্যিক দিলীপ কুমাৰ শৰ্মাই। সুৰীয়া কণ্ঠ জুবিন গাৰ্গৰ জন্মদিন উদযাপন তথা গীত উন্মোচন সভাখনত গহপুৰ আৰক্ষী থানাৰ চি অ’ নৃপেন বৰা, বিশ্বনাথ জিলা গাঁওৰক্ষী বাহিনীৰ উপদেষ্টা কুশল ভাগৱতী, অৱসৰ প্ৰাপ্ত শিক্ষক ভোজৰাজ উপাধ্যায়, বাকৰিদলনি গাঁও পঞ্চায়তৰ সভাপতি ৰাজকুমাৰ দলে, আঞ্চলিক সদস্য বিমলা প্ৰধান, লক্ষ্মী নাৰায়ণ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ভজি প্ৰসাদ প্ৰধান, সমাজকৰ্মী চুড়ামণি ছেত্ৰী, গাঁওৰক্ষী বাহিনীৰ সভাপতি ভজেন্দ্ৰ প্ৰধান, সম্পাদক লোকনাথ শৰ্মা, শিক্ষক ক্ৰমে তিলক দৰ্ণাল, জোনাৰাম শইকীয়া, কমল আচাৰ্য, অসম ৰাইফলচৰ অৱসৰপ্ৰাপ্ত জোৱান তিলক প্ৰধান, যুৱ সমাজকৰ্মী ৰিংকু দাস, জান বৰা, কলিয়া ডেকাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ডাঠকলা অঞ্চলৰ ৰাইজ উপস্থিত থাকে। সভাখনতে ২৮গৰাকী শ্বহীদ আৰু মুক্তিযোদ্ধাৰ নাম সন্নিবিষ্টৰে গীত লিখি ইণ্ডিয়া বুক অব ৰেকৰ্ডচৰ পৰা স্বীকৃতি লাভ কৰা নৱ গীতিকাৰ ৰমেন বৰাক শিক্ষাবিদ, নাট্যকৰ্মী দিলীপ কুমাৰ শৰ্মা আৰু ডাঠকলা গাঁওৰক্ষী বাহিনীৰ সভাপতি ভজেন্দ্ৰ প্ৰধানে একোখনকৈ গামোচাৰে অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ উপৰিও গীতটোৰ কণ্ঠশিল্পী প্ৰদীপ প্ৰধান সভাখনৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত শিক্ষক ধৰ্মানন্দ শৰ্মা, বাকৰিদলনি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা বিমলা প্ৰধান আৰু ৰমেন বৰাই একোখনকৈ গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।  YouTube Channel Asom Music Mix উপলব্ধ হোৱা ‘যুৱ প্ৰজন্মৰ তুমি সুৰীয়া কণ্ঠ, জুবিন দা আমাৰ তুমি অনন্য’ শীৰ্ষক গীতটো শ্ৰোতা ৰাইজে আদৰি ল’ব বুলি আশাবাদী কণ্ঠশিল্পী প্ৰদীপ প্ৰধান।নিতুল বৰা হাৱাজান ।

Leave A Reply