Breaking

‘আসাম ৰাইজিং-২০২১’ : সমাজসংস্কাৰক পদ্মশ্রী বঁটাপ্রাপক বীৰুবালা ৰাভাক ‘দৈনন্দিন বার্তা বঁটা’

0 2,088

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

সমাজসংস্কাৰক পদ্মশ্রী বঁটাপ্রাপক বীৰুবালা ৰাভাক “দৈনন্দিন বার্তা বঁটা’ প্রদান প্ৰদান কৰা হয় ।

বীৰুবালা ৰাভাক ‘দৈনন্দিন বার্তা বঁটা’ প্ৰদান কৰে পদ্মশ্রী বঁটা প্রাপক এলি আহমেদে। বঁটা গ্রহণ কৰি নিজৰ বক্তব্যত কয় যে, তেওঁ বহুত সৰুৰে পৰা সমাজৰ কাৰণে কাম কৰি আহিছে। বিশেষকৈ বিবাহপাশত আৱদ্ধ হােৱাৰ পিছৰে পৰাই তেওঁৰ সমাজৰ ডাইনী প্রথা ৰােধ কৰিবলৈ চেষ্টা চলাই আহিছে। মানুহ মানুহৰ বাবে এই আদর্শৰে তেওঁ সমাজৰ প্রতি সেৱা আগবঢ়াই আহিছে। তেওঁক সমাজে কাটিলেও, মাৰিলেও ডাইনী হত্যাৰ প্রতিবাদ কৰি যাব বুলি মন্তব্য কৰে ।

আজি কালি শিক্ষা আৰু বিজ্ঞানৰ যুগ বুলি উল্লেখ কৰি ডাইনী হত্যা ৰােধৰ বাবে সমাজৰ সকলােৰে সহায়-সহযােগিতা কামনা কৰে। ২০১৫ চনত চৰকাৰে গ্রহণ কৰা ডাইনী হত্যা প্রতিৰােধ আইন গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply