Breaking

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰীৰ ঝগৰাপাৰ ষ্টেডিয়ামত কেন্দ্রীয় বিষ্ণু ৰাভা দিৱস উদযাপন

0 80

ধুবুৰীত কেন্দ্রীয় ভাবে বিষ্ণু ৰাভা দিৱস উদযাপন অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

উক্ত অনুষ্ঠানত কেইবা হাজাৰ লোক উপস্থিত থাকে। লগতে এই অনুষ্ঠানত দুগৰাকী বৰেণ্য শিল্পীক ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটাৰ লগতে কলা- সংস্কৃতি, সমাজ আৰু সাহিত্য জগতলৈ অৱদান যগোৱা ছগৰাকী বিশিষ্ট ব্যক্তিক তিনিটাকৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান কৰা হয়।

ছপা শিল্পী অজিত শীল আৰু নৃত্য শিল্পী গোপাল কৃষ্ণ গোস্বামীক ২০২৩ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা প্ৰদান কৰে।

তিনিটা ৰাষ্ট্ৰীয় বঁটা ক্ৰমে ২০২২ বৰ্ষৰ শ্ৰী শ্ৰী মাধৱ দেৱ বঁটা সাহিত্যিক অৰূপ কুমাৰ দত্তক, ২০২২ বৰ্ষৰ বীৰ চিলাৰায় বঁটা মৰণোত্তৰ ভাবে শ্বহীদ ভাস্কৰ কলিতাক আৰু ২০২৩ বৰ্ষৰ কালিচৰণ ব্ৰহ্ম বঁটা গৱেষক ড° টিয়াতশি জমিৰলৈ বঁটা আগবঢ়োৱা হয়।

-দেৱান জাহাঙ্গীৰ আলম, ধুবুৰী

Leave A Reply