Breaking

চিলাপথাৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস পালন

0 114

চিলাপথাৰৰ অগ্ৰনী অনুষ্ঠান সাৰথি স্বেচ্ছাসেৱী সংস্থা আৰু বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাবৰ যৌথ উদ্যোগত চিলাপথাৰ বানিজ্যিক পাম ৰাজহুৱা প্ৰেক্ষাগৃহত বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়।

মঙলবাৰে সন্ধিয়া ৬ বজাত সাংবাদিক জোন্টি সোনোৱালে আতধৰা ৰাভা দিৱসত বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাবৰ সভাপতি বনমালী মহন্তই বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা ৰাভা দিৱসত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰিব সাৰথিৰ সভানেত্ৰী অমিলতা টায়ে মিলিয়ে।

সন্ধিয়া ৬:৪০ বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগৰ প্ৰাথমিক শাখাৰ দিহা নামেৰে শুভ উদ্ধোধন কৰা হয় ডাঃ শান্তি ৰাম পেগু সোঁৱৰণী সাংস্কৃতিক মঞ্চ। মঞ্চ ত চিলাপথাৰৰ বিশিষ্ট চিকিৎসক ডাঃ শান্তি ৰাম পেগুৰ প্ৰতিচ্ছবি ত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে সহধৰ্মিনীৰ লগতে আয়োজক সমিতিয়ে।

সন্ধিয়া ৭ বজাৰ পৰা জিলা ভিত্তিত ৰাভা নৃত্য প্ৰতিযোগিতাখনি উদ্ধোধন কৰে ডিব্ৰুমিচিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেন ভূঞাই।

পাছত উদযাপন সমিতিৰ সভাপতি কুমুদ দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্ধনা সভাৰ আতধৰে গুৱাহাটী বোলছবি আৰু দূৰদৰ্শন ধাৰাবাহিকৰ অভিনেত্ৰী দিব্যলতা দাসে। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঢুণ্ডিৰাজ উপাধ্যায়, কবি ভুবন দাস, দাপোন ভাষাৰ গৱেষক ড° উত্তম দাস, প্ৰজ্ঞা জ্যোতি সংগীত মহাবিদ্যালয়ৰ মুখ্য সচিব ৰেনু বৰুৱা, ছাত্ৰ মুক্তিৰ সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞা, সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেবেন ডেকা, বৃহত্তৰ চিচিবৰগাওঁ প্ৰেছ ক্লাব ভাৰপ্ৰাপ্ত সম্পাদক শম্ভু দাস, সাংবাদিক সঞ্জয় নাথ, জামচেদ আলম, মনিৰাম বৰদলৈ, সাৰথি ৰ সচিব মনোজ কুমাৰ দাস, ডিমৌ চাৰিআলি মহাবিদ্যালয়ৰ প্ৰবক্তা লখিন্দ্ৰ সোনোৱাল, বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপ-সভাপতি ধনঞ্জয় নাথ, জিলা সভাপতি কালন দেৱনাথৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে।

ৰাভা দিৱসৰ লগত সংগতি ৰাখি এইবছৰত চিলাপথাৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সম্পাদক বিশিষ্ট সাংবাদিক প্ৰয়াত “বিনোদ কুমাৰ সিং স্মাৰক বঁটা” চিচিবৰগাওঁৰ অসমীয়া প্ৰতিদিনৰ জেষ্ঠ সাংবাদিক মৃদুপৱন চুতীয়া আৰু চিলাপথাৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি তথা বিশিষ্ট সমাজকৰ্মী “পৰিমল দত্ত সমাজসেৱক বঁটা” চিলাপথাৰ হিন্দু শ্মশান ঘাটৰ সম্পাদক তথা অধ্যাপক ড° দেৱজিৎ দাশগুপ্তক আনুষ্ঠানিক ভাৱে এখন মানপত্ৰ, ফুলাম গামোচা, জাপি, স্মাৰক আৰু পৰিয়ালৰ তৰফৰ পৰা কিছু নগদ ধন প্ৰদান কৰা হয়। অনুষ্ঠানত কেইবাগৰাকী ব্যক্তিক বিশেষকৈ মানপত্ৰ গামোচা স্মাৰক আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। শেষত ৰাভা নৃত্যৰ ভিত্তিত অনুষ্ঠিত প্ৰতিযোগি সকলক বঁটা বিতৰণ কৰা হয়।
-শম্ভু দাস, চিলাপথাৰ

Leave A Reply