Breaking

প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ ৰাভা দিৱস উদযাপন

0 35

উত্তৰ গুৱাহাটীৰ ঐতিহ্য মণ্ডিত‌ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সহযোগত মঙলবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়।


পুৱা ৯ বজাত প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ কাৰ্যকৰী সদস্য আৰু সভ্যসকলৰ লগতে ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সমূহ বিষয় ববীয়া সকলৰ উপস্থিতিত সভাপতি পাৰ্থ প্ৰতিম বৰকাকতিয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।

সন্ধিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু নৃত্যৰ আধাৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অনাতাঁৰ শিল্পী কেশৱ তালুকদাৰ,ড° বন্তি বড়া দত্ত , বিশিষ্ট কণ্ঠশিল্পী চন্দ্ৰ কান্ত দাস ধীৰেশ্বৰ বড়ো, ত্ৰৈলোক্য দাস, গকুল কান্ত বড়া, পুতুল দাস পাঠক, নাট্যাভিনেতা,মণ্টুকমল বৰুৱা আৰু যুৱ শিল্পী ৰুক্মজিৎ বৰুৱা আৰু অৰুণাভ হাজৰিকাক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে ৰাগশ্ৰী সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকু মণি চৌধুৰীয়ে পৰিচালনা কৰা আৰু ৭০গৰাকী শিল্পীয়ে সমবেত সংগীত পৰিবেশন কৰে । অনুষ্ঠানত ২০ গৰাকী শিশু শিল্পীৰ গীত মাতৰ লগতে উত্তৰ গুৱাহাটীৰ অনাথ আশ্ৰম, শিশুগ্ৰামৰ শিশুসকলে প্ৰদৰ্শন কৰা নৃত্যই দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।

অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সম্পাদক কমল বৰাই কলাগুৰুৰ এটি কবিতা আবৃত্তি কৰি মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। কলা পৰিষদৰ সম্পাদক চন্দন বৰুৱাই আদৰণি ভাষণৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাজশ্ৰী সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকু মণিচৌধুৰীৰ পৰিচালনাত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ আতঁ ধৰে নীপামণি বৰদলৈয়ে।

Leave A Reply