বিশ্বনাথ প্ৰশাসনৰ কঠোৰ পদক্ষেপ: ভিন্ন প্ৰান্তত চক্ৰ বিষয়াৰ অভিযান

বিশ্বনাথত ক’ভিড-১৯ ৰ অতিমাৰী সংক্ৰমণৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰশাসনে লকডাউন তৃতীয় সপ্তাহলৈ বৃদ্ধি কৰে। ৰাজ্য চৰকাৰে জিলাখনৰ ক’ভিড পৰিস্থিতি ভয়ংকৰ ৰূপ প্ৰত্যক্ষ কৰি জিলাখনৰ প্ৰশাসনক কঠোৰ হবলৈ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশ অনুযায়ী জিলাখনৰ প্ৰান্তে প্ৰান্তে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক ক’ভিড পৰিস্থিতিৰ বুজ লবলৈ চৰকাৰে আহ্বান জনাইছে। সেইদৰে বিশ্বনাথ জিলাৰ উপায়ুক্তৰ নিৰ্দেশ মৰ্মে কালি নদুৱাৰ চক্ৰ বিষয়া মন্তোষ চক্ৰবৰ্তীৰ নেতৃত্বত এদল আৰক্ষীৰ দলে ইটাখোলাৰ বিভিন্ন স্থানত ক’ভিড বিধি উলংঘা কৰা লোকৰ ওপৰত কঠোৰ হোৱা পৰিলক্ষিত হৈছে। ইটাখোলা অঞ্চলৰ একমাত্ৰ বিত্তীয় অনুষ্ঠান ইটাখোলা গ্ৰামীণ বিকাশ বেংকত ৰাতিপুৱাৰে পৰা হোৱা ভিৰ প্ৰত্যক্ষ কৰি চক্ৰ বিষয়া গৰাকীয়ে বেংকটোৰ গ্ৰাহক ৰাইজক ক’ভিড প্ৰসংগত সজাগতা আনি এই দৰে ক’ভিড বিধি অৰ্থাৎ সামাজিক দূৰত্ব উলংঘন কৰিলে শাস্তি দিয়া হ’ব বুলি সকীয়াই দিয়ে। লগতে তেওঁ বেংক পৰিচালক গৰাকীক বেংকটোৰ গ্ৰাহক ৰাইজৰ মাজত টুকেন দিয়াৰ ব্যৱস্থা কৰি কাম সম্পাদনা কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি গ্ৰাহক ৰাইজে এইদৰে সামাজিক দূৰত্ব উলাংঘা কৰি ভিৰ কৰে তেন্তে ইটাখোলা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়াক জনাবলৈ পৰিচালক গৰাকীক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত চক্ৰ বিষয়া গৰাকী ইটাখোলাৰ ৯নংত টিঘিল ঘিলাই ঘুৰি ফুৰা মটৰ চাইকেল আৰোহীক ধৰি জৰিমনা বিহে। চক্ৰ বিষয়া গৰাকীয়ে পিছলৈ অসম অৰুনাচল সীমান্তৰ চিজুচাৰ বনভোজ স্থলীত উপস্থিত হৈ জোম পাতি পাতি ভোজ খাই থকা একাংশ যুৱক-যুৱতীক পহু খেদা দিয়াৰ উপৰিও তাতো কিছু লোকৰ পৰা জৰিমনা আদায় লয়। আনহাতে দি বালিজুৰিত অবৈধ ভাবে ৰন্ধন গেছৰ চিলিণ্ডাৰ ৰখা দুখন দোকান চক্ৰ বিষয়া গৰাকীয়ে চীল কৰি দিয়ে। আজি তাৎক্ষণিক ভাৱে চক্ৰ বিষয়া মন্তোষ চক্ৰবৰ্তীয়ে ইটাখোলা অঞ্চলত চলোৱা অভিযানৰ ফলত ইটাখোলা অঞ্চলত ক’ভিড বিধি উলাংঘা কৰা লোকসকলে একশিকনী পায়। চক্ৰ বিষয়া গৰাকীৰ এই অভিযানত ইটাখোলাৰ সচেতন ৰাইজে প্ৰশংসা কৰে।

Related Articles