ওৰাংত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত বিশ্বজিৎ দৈমাৰী : পৃষ্ঠা প্ৰমুখ সকলৰ কথা মানি চলিব লাগিব নেতা সকলে

পৃষ্ঠাপ্ৰমুখ সকলৰ গুৰুত্ব দায়িত্ব আৰু দাম বাঢ়িল । বৰ্তমান এওঁলোকৰ খবৰ সকলোৱে লয় । কিয়নো পৃষ্ঠা প্ৰমুখ সকলৰ কৰ্মই ভাগ্য নিৰ্ণয় কৰিব আগন্তুক বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ । প্ৰমুখ সকলে নিজৰ এলেকাৰ বাৰ ,তেৰটা পৰিয়ালৰ ৬০টা ভোট তেওঁলোকৰ হাতত থাকিব লাগিব তেতিয়াহে ১০০+হব । পৃষ্ঠা প্ৰমুখ সকলৰ কথা মতে ওপৰৰ নেতাই মানি চলিব লাগিব । আত্ম সহায়ক গোট , বৃদ্ধ পেঞ্চন কৃষকৰ সমস্যা আৰু নানান ধৰণৰ ৰাইজৰ সমস্যা সমূহ পৃষ্ঠা প্ৰমুখ সকলে বুজ লৈ দায়িত্বত থকা জেষ্ঠ সকলৰ জৰিয়তে ৰাইজৰ কাম বোৰ কৰি দিব লাগিব । এই বক্তব্য ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ । যোৱা ১৯ফেব্ৰুৱাৰীত ওৰাং লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত মাজবাট বিধানসভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশ গ্ৰহণ কৰি দৈমাৰীয়ে লগতে কয় “অৰুনোদয়”আঁচনি লাভ কৰা হিতাধিকাৰী সকলে পূজা , বিহু , আদিত বনাচ হিচাপেও ধন লাভ কৰিব । কংগ্ৰেছ দলে সঠিক আঁচনি ৰূপায়ন কৰা নাছিল । যাৰ ফলত স্বাধীনতাৰ ৭৫ বছৰ পিছতো দুখীয়াক থাকিবলৈ ঘৰ এটি দিব নোৱাৰিলে । তাৰ বাবে প্ৰধান মন্ত্ৰীয়ে প্ৰতিটো দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ ব্যৱস্থা কৰিছে । ইফালে ছাত্ৰী সকলে স্কুটি পালে লৰাবোৰৰো চিন্তাৰ কাৰণ নাই বছৰ বুলেট পাব । বিপিফ চৰকাৰে পাৰচেণ্ট লওঁতেই গল । ভাৰত চৰকাৰে ৰূপায়ন কৰা আঁচনি হাগ্ৰামা মহিলাৰীয়ে ৰূপায়ন কৰিব নোৱাৰিলে বিপিএফ দলত থাকি ৰাইজৰ কাম ৰাইজক সেৱা কৰিব নোৱাৰাৰ বাবে বিপিএফ দলৰ পৰা ওলাই বিজেপি দলত যোগদান কৰা বুলিও জানিব দিয়ে । ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকাই আঁত ধৰা সভাখন  উদ্বোধন কৰে MCLA দ্বীপক মৌৰে । সভা খনত উপস্থিত থাকে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ তথা মাজবাট বিধানসভাৰ প্ৰভাৰী শান্তিয়াছ কুজুৰ , সংযোজক তপন চৰকাৰ জিলা সভাপতি কাৰ্তিকচন্দ্ৰ বড়ো , জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা , ৰাজ্যিক  সদস্য জিতু কিষান ,মাজবাটৰ সক্ৰিয় যুৱ নেতা কিশোৰ শৰ্মা , মোহন ভট্টৰাই কষ্ট বাগলাৰীকে ধৰি আৰু বহু জেষ্ঠ কাৰ্যকৰ্তা ।

Related Articles