Breaking

বিশ্বনাথত সদৌ অসম চাওৰা সমাজৰ ৪২ তম প্ৰতিষ্ঠা দিৱস পালন

0 2,141

বিশ্বনাথ জিলাৰ অন্তৰ্গত ইটাখোলা ৰ নিকটৱৰ্তী তেজালপটি চাহ বাগিছাত সদৌ অসম চাওৰা সমাজৰ ৪২ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। যোৱা ৩ নবেম্বৰ দিনা তেজালপট্টী চাহ বাগিচাত অনুষ্ঠিত চাহ জনগোষ্ঠী আদিবাসী সকলৰ অন্যতম জাতি চাওৰা সকলৰ সমাজৰ প্ৰতিষ্ঠা দিৱৰ পতাকা উত্তোলন কৰাৰ পাছত ছহীদ তৰ্পণ কাৰ্যসুচী সমাপণ হ্য় ,চাওৰা সমাজৰ জনজাতীয় গীত পৰিৱেশনৰ পাছত সদৌ অসম  চাওৰা সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়া কাতি ৰাম চাওৰাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষ্মীকান্ত বৰা,কেন্দ্ৰীয় আটছাৰ প্ৰচাৰ সম্পাদক মিন্টু ভুমিজ,প্ৰাক্তন আটছা নেতা তথা শিক্ষক অমৃত তচাৰ লগতে তেজালপটি চাহ বাগিছাৰ পৰিচালক  মনোজ কৌশিক,ৰূপজ্যোতি মহন্ত,নদুৱাৰ শাখা আটছাৰ অন্যতম কাৰ্য নিৰ্বাহক অৰুন গোৱালাৰ উপৰিও চাওৰা সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়াই অংশ গ্ৰহণ কৰে। উক্ত মুকলি সভাত চাওৰা সমাজৰ কেন্দ্ৰীয় বিষয়ববীয়াই ভাষন প্ৰসংগত কয় যে  অতিকৈ পিছপৰা এই জনজাতিৰ লোকসকলে ভুগি অহা বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে সম্পৰ্কে বক্তব্য দাঙি ধৰে। বিশেষ ভাৱে (অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি) জনজাতিকৰণ বিষয়ে দিঘলীয়া সময় ধৰি কেন্দ্ৰীয় চৰকাৰে জনজাতিকৰণ বিষয়ে টোপ দি প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে । ইয়াৰোপৰি  শিক্ষা দীক্ষাকে ধৰি বিভিন্ন দিশত পিছপৰা এই জনজাতিৰ উত্তৰণৰ বাবে  চাওৰা সমাজে যোৱা প্ৰায় চাৰি দশকৰ পৰাই প্ৰচেষ্টা চলাই থাকি অহা বুলি উল্লেখ কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে কণ কণ ল’ৰা ছোৱালী ৰ মাজত খেল ধেমালিৰ লগতে গীত নৃত্য প্ৰদৰ্শন কৰা হয় আৰু সন্দ্ধ্যালৈ বিশেষ ভাবে আমন্ত্ৰণ জনাই অনা অসম চৰকাৰৰ দ্বাৰা শিল্পী বঁ‌টা প্ৰাপ্ত তথা কন্ঠ শিল্পী সুজিৎ তচা আৰু বালিপাৰাস্থিত বামগাঁও চাহ বাগিচাৰ জনপ্ৰিয় কন্ঠ শিল্পী উমেশ তাঁ‌তীৰ দ্বাৰা ঝুমুইৰ নৃত্য-গীতৰ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

Leave A Reply