ওদালগুৰিত বিজেপিৰ কাৰ্যকৰ্তা সন্মিলনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বক্তব্য BJP । BTR

BJP । BTR ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি অনুষ্ঠিত হ’ল এক বৃহৎ বিজেপি কাৰ্যকৰ্তা সন্মিলন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকিয়াও উপস্থিত থাকে।

এই কাৰ্যসূচীত ওদালগুৰি জিলাৰ ৮৩১টা বুথৰ পৰা অহা হাজাৰো বিজেপি কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে বক্তব্য ৰাখি কয় –
“বিজেপিয়ে বিটিআৰৰ চাৰিখন জিলাত নিৰ্বাচন খেলিব, কিন্তু প্ৰতিদ্বন্দী হিচাপে নহয়। আমাৰ উদ্দেশ্য হ’ল বিটিআৰত শান্তি, সমৃদ্ধি আৰু জনকল্যাণ নিশ্চিত কৰা।”

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে –
“UPPL দলৰ সৈতে আমাৰ চৰকাৰ আছে। সেয়ে যদি ভাল কাম হয়, দায়িত্ব আমাৰ; যদি বেয়া কাম হয়, তাতো আমাৰ দায়িত্ব।”

বিটিআৰৰ উন্নয়ন, সকলে সম অধিকাৰ লাভ কৰা আৰু অঞ্চলটোত স্থায়ী শান্তি অৱ্যাহত ৰখাই বিজেপিৰ মুখ্য লক্ষ্য বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰে।

কংগ্ৰেছৰ দিশে তীব্ৰ সমালোচনা চলাই তেওঁ কয় –
“কংগ্ৰেছে বিটিচি ঠিকাকৈ চলাব নোৱাৰাৰ বাবে অঞ্চলটোত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি হৈছিল। আজিৰ বিজেপি নেতৃত্বত সেই অৱস্থা সলনি হৈছে।”

Related Articles