২০২৬ চনৰ(BJP-AGP) বিধানসভা নিৰ্বাচন অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক গতি-প্ৰকৃতি দিনকদিনে সলনি হৈ আছে। হাতত মাত্ৰ কেইটামান মাহ থাকিলেও বিভিন্ন দল সংগঠন শক্তিশালী কৰা আৰু প্ৰাৰ্থী বাছনিৰ কাম-কাজত তৎপর হৈ পৰিছে। বিশেষকৈ শাসকীয় বিজেপি-মিত্ৰজোটো আগন্তুক নিৰ্বাচনক লক্ষ্য কৰি সুসংগঠিতভাৱে পৰিকল্পনাত আগবঢ়াইছে। তৃতীয়বাৰৰ বাবে ক্ষমতা সুনিশ্চিত কৰিবলৈ বিজেপি বিগত দিনত কৰা সকলো ভুল এৰাই চলিব খোজে। লগতে জয়ৰ সম্ভাৱনা অধিক থকা নতুন মুখ বিচাৰি দলটোৱে বিশেষ মনোযোগ দিছে। মাত্ৰ বিজেপি নহয়, মিত্ৰদল অগপকো একেটেই নীতি অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
বাজপেয়ী ভবনৰ পৰা পোৱা সূত্ৰ মতে , বিজেপিয়ে অগপক আগৰ তুলনাত অধিক আসন এৰি দিয়াৰ কথাও বিবেচনা কৰিছে। অন্যদিশে অগপ বিজেপিৰ পৰামৰ্শ গ্ৰহণ কৰি নিজৰ ভিতৰত যোগ্য, গ্রহণযোগ্য আৰু অঞ্চলভেদে প্ৰভাৱশালী নতুন মুখ বিচাৰাৰ কামত নামিছে। দলীয় স্তৰত বিভিন্ন সমষ্টিৰ অৱস্থা, সংগঠনৰ শক্তি, আৰু সম্ভাৱ্য প্ৰাৰ্থীৰ বিষয়ে বিস্তাৰিত আলোচনা হৈছে। লগতে আন দলৰ একাংশ সক্ৰিয় নেতাক অগপলৈ আনি দলীয় শক্তি বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।
ইতিমধ্যে বিৰোধী শিবিৰৰ কেইবাজনো বিধায়ক অগপৰ সৈতে যোগাযোগত আছে বুলি নিশ্চিত কৰিছে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। তেওঁ কয়, বহুজনে দলীয় নেতৃত্বৰ সৈতে যোগাযোগ স্থাপন কৰিছে আৰু কেইবাজনো খুব শীঘ্ৰেই দলত যোগদান কৰিব। যদিও বৰ্তমান নাম প্ৰকাশ কৰাটো উপযুক্ত সময় নহয় বুলি তেওঁ মন্তব্য কৰে। শীতকালীন অধিৱেশন চলাকালীন কেইবাজনো বিধায়কৰ সৈতে কথা-বতৰা হোৱাৰ কথাও জ্ঞাত হয়।
দলীয় সূত্ৰ অনুসৰি এ আই ইউ ডি এফৰ কেইবাজনো বিধায়ক অগপত আহিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে, যাৰ ভিতৰত সোণাই সমষ্টিৰ কৰিমউদ্দিন বৰভূঞাৰ নাম বিশেষভাবে আলোচিত। লগতে কাটলিচেৰা, আলগাপুৰ, হাইলাকান্দি আৰু গোৱালপাৰা পশ্চিমৰ কেইবাজনো বিধায়কৰ নামো আলোচনাত আছে। সেইদৰে কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদেও অগপৰ পতাকাত আগন্তুক নিৰ্বাচনত অংশগ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰিছে। উল্লেখ্য, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰাক উপত্যকাৰ কেইটামান আসন বিজেপিৰ বাবে চ্যালেঞ্জিং হৈ পৰিছে। এই সময়ত অগপ উপত্যকাখনত নিজৰ আগৰ সংগঠনিক ভিত্তি পুনৰুদ্ধাৰ কৰিবলৈ বিশেষ মনোযোগ দিছে।
আগন্তুক নিৰ্বাচনত বৰাকৰ কেইবাটাও সমষ্টিত অগপ নিজে প্ৰাৰ্থী দিব পাৰে । বিজেপিৰ পক্ষে সকলো আসনত সহজ জয় নিশ্চিত নহয়, সেইদৰে মিত্ৰজোটৰ সামগ্রিক শক্তি বৃদ্ধি কৰিবলৈ অগপক গুৰুত্বপূর্ণ ভূমিকা প্ৰদান কৰা সম্ভাবনাৰ কথাও ৰাজনৈতিক মহলৰ আলোচনা হৈছে। ইফালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদমাধ্যমৰ আগত কৈছে যে বিহুৰ আগতেই বিজেপি–অগপৰ মিত্ৰতা আৰু আসন বুজাবুজিৰ সকলো দিশ চূড়ান্ত হ’ব। তেওঁৰ মন্তব্য অনুসৰি কিছুমান সমষ্টিত বন্ধুসুলভ প্ৰতিদ্বন্দ্বিতা এবাৰো থাকিব পাৰে। বিজেপিৰ কৰ্ণধাৰ সমিতিৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্রী ঘোষণা কৰিছিল যে বিজেপি ১০৩টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু মিত্ৰদলসহ প্ৰায় সকলো সমষ্টিত জোটগত অংশগ্ৰহণ হ’ব।
অগপ এইবাৰ বিজেপিৰ পৰা আগৰ দুবাৰতকৈ বেছি আসন লাভৰ আশা কৰিছে। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জনায় যে দলটোৱে সমগ্ৰ ৰাজ্যত সংগঠন শক্তিশালী কৰাৰ কামত আগবঢ়াৰ লগতে প্ৰতিটো সমষ্টিত কৰ্মীসকল ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰস্তুতি লৈ সক্ৰিয়।

