Breaking

লাহৰিঘাটৰ সৰুছলাত বিজেপি আৰু এআইইউডিএফৰ কৰ্মী কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান

0 86

মৰিগাঁও জিলাৰ লাহৰিঘাট সমষ্টিৰ বৰছলা গাঁও পঞ্চায়তৰ অন্তৰ্গত উত্তৰ সৰুছলা মছজিদ প্ৰাংগণত সোমবাৰে বৰছলা মণ্ডল কংগ্ৰেছৰ সভাপতি ইছমাইল শ্বেখৰ সভাপতিত্বত আৰু লাহৰিঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰ উপস্থিতত এখন যোগদান সভা অনুষ্ঠিত হৈ যায়।

উক্ত যোগদান সভাত শতাধিক বিজেপি আৰু এ আই ইউ ডি এফৰ কৰ্মীয়ে কংগ্ৰেছৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

দলটোত যোগদান কৰা বিজেপি আৰু এ আই ইউ ডি এফৰ কৰ্মী সকলক দলৰ হৈ কাম কৰি দলটোক শক্তিশালী কৰিবলৈ আহ্বান জনায় বিধায়ক ডাঃ আছিফ মহম্মদ নাজাৰে।


ইপিনে বিধায়ক নাজাৰে সৰুছলা আঞ্চলিক জনাজা ঘৰৰ আধাৰশিলাও স্থাপন কৰে।


এই কাৰ্যসূচীত বিধায়কজনক সংগ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জুলু চেতিয়া আৰু খুলিলুৰ ৰহমানে। এই যোগদান সভাত তিনি শতাধিক কংগ্ৰেছ সমৰ্থক উপস্থিত আছিল।

Leave A Reply