এদিনীয়া ভ্ৰমণসূচীলৈ বুধবাৰে গুৱাহাটীলৈ আহে তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সা সম্পাদক তথা লোকসভাৰ সাংসদ অভিষেক বেনাৰ্জী। মমতা বেনাৰ্জীৰ দলৰ কেন্দ্ৰীয় যুৱ নেতাগৰাকীয়ে গুৱাহাটীৰ জয়া নগৰত দলটোৰ অসম ৰাজ্যিক মুখ্য কাৰ্য্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কাৰ্য্যালয় উদ্বোধনৰ পিছত অনুষ্ঠিত সংবাদমেলত অভিষেক বেনাৰ্জীয়ে CAA সম্পৰ্কত তৃনমূল কংগ্ৰেছৰ এটাই স্থিতি বুলি উল্লেখ কৰে। “CAA-কলৈ দুমুখীয়া স্থিতি বিজেপিৰ, বংগত কয় CAA কাৰ্যকৰী কৰা হ’ব। কিন্তু অসমত CAAৰ কথা নকয় অমিত শ্বাহে। আমি TMC য়ে “কা” কেতিয়াও নামানো।”-এই মন্তব্য সাংসদ অভিষেক বেনাৰ্জীৰ।
ইফালে বিভিন্ন ৰাজ্যত দলীয় সংগঠন সম্পৰ্কত উল্লেখ কৰি অভিষেক বেনাৰ্জীয়ে কয় যে, তৃনমূল কংগ্ৰেছে দহখন ৰাজ্যত দল শক্তিশালী কৰিব। মেঘালয়ত বিৰোধীত আছো বুলি কোৱা অভিষেক বেনাৰ্জীয়ে আগন্তুক বৰ্ষত আমি মেঘালয় , ত্ৰিপুৰাৰ নিৰ্বাচনত ভাল ফলাফল কৰিব পাৰিম বুলি আশাবাদী। কংগ্ৰেছ এতিয়া মোবাইল আৰু টুইটাৰত আছে, কংগ্ৰেছে মাটিত, পথাৰত নানামে। আমি কি কৰিম বুলি কয় প্ৰশ্নহে কৰে অভিষেক বেনাৰ্জীয়ে।
“আমি বিগত ৮/৯ বছৰ সৰ্বভাৰতীয় পৰ্যায়ত নমা নাছিলো। এতিয়া কংগ্ৰেছলৈ অপেক্ষা নকৰো, আমি নামিছো।” এই মন্তব্য অভিষেক বেনাৰ্জীৰ। ইফালে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অভিষেক বেনাৰ্জীয়ে। “২০১১ চনৰ পৰা বংগত ডিডিৰ চৰকাৰ চলিছে। তেতিয়াৰ পৰা আমি পেট্ৰোল ডিজেলত কৰ লগোৱা নাই। বংগত দাম বাঢ়িলে অসমতো বাঢ়ে বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথা দূৰ্ভাগ্যজনক।”
অভিষেক বেনাৰ্জীয়ে লগতে কয় যে, অতি সোনকালে অসমলৈ আহিব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। অসমত তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহিছো বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে। এই অসমৰ লোকে TMCত থাকি অসম চলাব। বংগ, গুজৰাট, দিল্লীয়ে অসম চলাব নোৱাৰিব বুলি কয় তৃণমূল কংগ্ৰেছৰ কেন্দ্ৰীয় সা সম্পাদক গৰাকীয়ে। বুধবাৰৰ অভিষেক বেনাৰ্জীৰ সংবাদমেলত ৰাজ্যিক সভাপতি ৰিপুণ বৰা, সাংসদ সুস্মিতা দেবো উপস্থিত আছিল।

