Breaking

তৃণমূল কংগ্ৰেছত যোগদানৰ বাতৰি অস্বীকাৰ বিজেপি নেতাৰ

0 1,156

বিজেপি দলৰ যুৱ নেতা তথা বিজেপি দলৰ গোগামুখ মণ্ডলৰ প্ৰাক্তন সভাপতি লভিৰাম পেগুৱে তেওঁ তৃণমূল কংগ্ৰেছ দলত যোগদানৰ বাতৰি অস্বীকাৰ কৰিছে৷ আজি দৈনন্দিন বাৰ্তালৈ প্ৰেৰণ কৰা এক বিবৃতিত তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ বিজেপি দলৰ নীতি-আদৰ্শৰে অনুপ্ৰাণিত৷ গতিকে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰাৰ বাতৰি অমূলক৷ ১১ মে’ত গুৱাহাটীৰ মাছখোৱ আই টি আই চেন্টাৰৰ তৃণমূল কংগ্ৰেছ দলৰ যোগদান পৰ্বত উপস্থিতেই নাছিল৷

কিন্তু তৃণমূল কংগ্ৰেছ দলৰ নৱনিযুক্ত অসম ৰাজ্যিক সভাপতি ৰিপুন বৰাই অযথা বাতৰি কাকতত মই তৃণমূল কংগ্ৰেছ দলত যোগদান কৰা বুলি প্ৰচাৰ চলাইছে৷ যিটো কোনোপধ্যেই শুদ্ধ নহয়৷

Leave A Reply