Breaking

আন্তৰাষ্ট্ৰীয় কিক বক্সিঙত দুটাকৈ সোনৰ পদক লাভ কৰা হাজেৰা খাতুনক ঘৰত উপস্থিত বিজেপি নেতা তবিবৰ ৰহমান

0 54

নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নশ্বীপত দুটাকৈ সোনৰ পদক লাভ কৰা হাজেৰা খাতুনৰ ঘৰত উপস্হিত হল ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি তবিবৰ ৰহমান। উপস্থিত হৈ ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা জনালে দলগাঁৱৰ অতি ভিতৰুৱা অখ্যাত বৰকুৰ গাৱৰ সু-কন্যা তথা দলগাঁওবাসীৰ গৌৰৱ হাজেৰা খাতুনক । লগতে কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্য আগবঢ়ালে এখন চেক।

অনাগত দিনতো দলগাৱৰ এই গৰাকী সু কন্যাক আৰ্থিক সাহায্য আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰাৰ লগতে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তাইৰ প্ৰতিভাৰ কথা অৱগত কৰিব বুলি কয় তবিবৰ ৰহমানে। ‌এগৰাকী দৰিদ্ৰ মোকবদিৰ পিতৃৰ কন্যা তথা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত অধ্যানৰত হাজেৰা খাতুন স্থানীয় ৰাইজৰ আৰ্থিক অনুদানত কিক বক্সিংঙৰ লগত বহুত দিনৰ পৰা জড়িত থাকি এতিয়ালৈ বহুবাৰ দৰঙৰ দলাগাঁৱৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে হাজেৰা খাতুনে ১8 টাকৈ সোণৰ পদক আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে । কোচ্ ৰহমান আলীৰ আপ্ৰাণ প্ৰচেষ্টাৰ বাবে তাই সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি কয় হাজেৰা খাতুনে ।

Leave A Reply