Breaking

বৰপেটাৰ ন-বাৰাদীত “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি”ৰ সন্দৰ্ভত বিজেপিৰ সভা

0 2,031

ভাৰতীয় জনতা পাৰ্টি বৰপেটা ব্লক মণ্ডলৰ অন্তৰ্গত ন-বাৰাদী সমূহীয়া ভৱনত ২৩ অাগষ্টত  “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি”ৰ এখন সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিজেপি বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী সবিতা দেৱ নাথ, বৰপেটা জিলা উপ-সভাপতি বুবুল দেউৰী, বৰপেটা জিলা সম্পাদক তথা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আচঁনিৰ বৰপেটা জিলাৰ আহ্বায়ক বিশ্বজিৎ দাস, বৰপেটা জিলা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিৰ সহ: আহ্বায়ক পংকজ দাস,এই আঁচনিৰ জিলা সমিতিৰ সদস্য সকল অনিল কুমাৰ দাস,  দেৱযানী গায়ন, মনোজ ডেকা, জয়ন্ত বায়ন লগতে  মণ্ডল সভাপতি সকল, প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ মণ্ডলৰ আহ্বায়ক সকল,সহ  আহ্বায়ক সকল আৰু মণ্ডলৰ সদস্য সকল উপস্থিত থাকে। উক্ত সভাত উপস্থিত থকা বিজেপিৰ নেতৃবৃন্দই সেৱাই সংগঠণ উদ্দেশ্যে  প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা আঁচনি” সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষন অাগবঢ়ায়।

Leave A Reply