ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব বিচাৰিছে বিজেপিৰ সাংসদ গৌতম গম্ভীৰে, এক্সৰ পোষ্টকলৈ ব্যাপক আলোচনা…

ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব বিচাৰিছে বিজেপিৰ সাংসদ গৌতম গম্ভীৰে। গৌতম গম্ভীৰে তেওঁৰ ৰাজনৈতিক ইনিংছ সমাপ্ত কৰিব নেকি? এক্স হেণ্ডেলত তেওঁৰ এটা পোষ্টে এনে জল্পনা-কল্পনাৰ সৃষ্টি কৰিছে। প্ৰাক্তন ক্ৰিকেটাৰ আৰু পূব দিল্লীৰ বিজেপি সাংসদজনে কৈছে যে তেওঁ ৰাজনৈতিক দায়িত্বৰ পৰা অব্যাহতি ল’ব বিচাৰে। তেওঁ আগন্তুক দিনত ক্ৰিকেটত মনোনিবেশ কৰিব বিচাৰে। গম্ভীৰে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সম্ভাৱনাই অধিক। প্ৰাক্তন ক্ৰিকেটাৰজনে যোৱা বছৰৰ নৱেম্বৰ মাহত কলকাতা নাইট ৰাইডাৰ্ছ শিবিৰত পৰামৰ্শদাতা হিচাপে যোগদান কৰিছিল। গম্ভীৰে ২০১১ চনৰ পৰা ২০১৭ চনলৈ দলটোৰ জাৰ্চীত খেলিছিল। দলটোৱে দুবাৰকৈ আই পি এল ট্ৰফীও জিকিছে।

আই পি এলত নতুন দায়িত্ব লোৱাৰ পিছত এয়া প্ৰায় নিশ্চিত আছিল যে গম্ভীৰে লোকসভা নিৰ্বাচনত কোনো ৰাজনৈতিক কাৰ্যসূচীত থাকিব নোৱাৰিব। শেহতীয়াকৈ তেওঁ পোনপটীয়াকৈ ৰাজনৈতিক কাৰ্যকলাপৰ পৰা অব্যাহতি বিচাৰিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক টেগ কৰি তেওঁ লিখিছে, “মই আপোনাক অনুৰোধ জনাইছো যে মোক সকলো ৰাজনৈতিক কামৰ পৰা মুক্তি দিয়ক। মই আগন্তুক দিনত ক্ৰিকেটত গুৰুত্ব দিব বিচাৰো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক মোক জনসাধাৰণৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে বহুত ধন্যবাদ।”

Related Articles