BJP MP Nishikant Dubey: ২০২৫ চনৰ ভিতৰতে পাকিস্তান ৪টা ভাগত খণ্ড-বিখণ্ড হৈ পৰিব

বিজেপিৰ সংসদ সদস্য নিশিকান্ত ডুবেই ২০২৫ চনৰ শেষৰ(BJP MP Nishikant Dubey)ফালে পাকিস্তানৰ দেশ হিচাপে অস্তিত্ব নোহোৱা হ’ব বুলি দাবী কৰিছে৷ শেহতীয়াকৈ ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ মহেশমাৰাত ৰে’লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দি ডুবেই দৃঢ়তাৰে কয় যে এই বছৰ পাকিস্তান চাৰিটা সুকীয়া ভাগত বিভক্ত হৈ পৰিব৷

ডুবেই কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকসকলক নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰnডুবেই বিশ্বাস কৰে যে ইয়াৰ ফলত পাকিস্তানৰ বিভাজন হ’ব৷ ডুবেই আত্মবিশ্বাসেৰে কয়, ‘আজি কাশ্মীৰৰ যি অংশ পাকিস্তানে দখল কৰিছে, সেই অংশ পুনৰ উদ্ধাৰ কৰিম৷ লগতে পাকিস্তানক বেলুচিস্তান, পখতুনিস্তান আৰু পঞ্জাব নামেৰে পৃথক পৃথক দেশত বিভক্ত কৰা হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক নিশ্চিত কৰিব৷

’তেওঁ আৰু কয়, ‘মই এই কথা সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৈছো৷ যদি এই বছৰৰ শেষলৈকে পাকিস্তান একাধিক ভাগত বিভক্ত নহয়, তেন্তে ভাৰতীয় জনতা পাৰ্টীয়ে মিছা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন কৰিব পাৰে৷ পাকিস্তানৰ কাম শেষ হ’ব, এয়া মোদীৰ নি(য়তা৷ এই বিশ্বাসেই তেওঁক দেশৰ প্ৰধানমন্ত্ৰী কৰি তুলিছে৷’ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ কথা উল্লেখ কৰি ডুবেই পাকিস্তানী সেনাই ভাৰতীয়, বিশেষকৈ হিন্দুসকলক নিৰ্বাচিতভাৱে লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে৷ যিকোনো মূল্যৰ বিনিময়ত মোদী চৰকাৰে এই আক্ৰমণৰ প্ৰতিশোধ ল’ব বুলি তেওঁ আশ্বাস দিয়ে৷

কাৰ্যসূচীৰ পূৰ্বে ডুবেই সংবাদ মাধ্যমৰ সৈতে কথা পাতি প্ৰধানমন্ত্ৰী মোদীৰ শক্তিশালী নেতৃত্বৰ বিষয়ত আলোকপাত কৰে৷ তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সামৰ্থ্য আৰু শক্তিৰ বাবে বিশ্বব্যাপী স্বীকৃতিৰ প্ৰশংসা কৰে, লগতে সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলক নিঃশেষ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে৷ ডুবেই লগতে দাবী কৰে যে পাকিস্তানী সেনাধ্যক্ষ অসীম মুনিৰৰ সমগ্ৰ পৰিয়ালটো বিদেশলৈ পলায়ন কৰিছে, যিয়ে মোদীৰ নিৰ্ণায়ক কাৰ্যই জগাই তোলা ভয়ক প্ৰতিফলিত কৰিছে৷

Related Articles