Breaking

ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…

0 22

২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ছোনিয়া গান্ধীয়ে ৰায়বৰেলী সমষ্টিৰ পৰা পাঁচ লাখৰো অধিক ভোট লাভ কৰি জয়ী হৈছিল। এতিয়া গান্ধী পৰিয়ালৰ দুৰ্গ স্বৰূপ ৰায়বৰেলীত গান্ধী পৰিয়ালৰ মাজতে প্ৰতিদ্বন্দ্বিতাৰ পৰিবেশ ৰচনা কৰিবলৈ সষ্টম হৈ পৰিছে বিজেপি । সেইবাবেই ৰাহুল গান্ধীৰ সম্পৰ্কীয় ভাতৃ বৰুণ গান্ধীক উক্ত সমষ্টিৰ পৰা বিজেপিয়ে প্ৰক্ষেপ কৰাৰ প্ৰস্তাৱ দিয়া বুলি জানিব পৰা গৈছে। কিন্তু এসপ্তাহৰ চিন্তা-চৰ্চাৰ পিছত বৰুণ গান্ধীয়ে ৰায়বৰেলী সমষ্টিৰ পৰা যুঁজিবলৈ দলৰ প্ৰস্তাৱ নাকচ কৰিছে বুলি বিশেষ সূত্ৰই জানিবলৈ দিছে। সূত্ৰটোৱে দাবী কৰা অনুসৰি বিজেপিয়ে প্ৰস্তাৱটো দিয়াৰ পিছত বৰুণ গান্ধীয়ে এসপ্তাহধৰি প্ৰস্তাৱটো “বিবেচনা” কৰি আছিল।কংগ্ৰেছে প্ৰিয়ংকা গান্ধীক উক্ত আসনৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ সম্ভাৱনা আছে। বৰুণ গান্ধীক এইবেলি বিজেপিয়ে পিলিভিট আসনত টিকট দিয়া নাই। অথচ পিলভিটৰ পৰা বৰুণ গান্ধীয়ে বিজয়ী হৈ আহিছিল।


পিলিভিটৰ সলনি বৰুণ গান্ধীক ৰায়বৰেলীৰ পৰা বিজেপিয়ে টিকট দিব বিচৰাৰ কথাই ঘৰৰ ভিতৰতে কাজিয়া লগাবলৈ গেৰুৱা বাহিনীয়ে চেষ্টা চলোৱা বুলি বহুতে আলোচনা কৰিছে। বৰুণ গান্ধীয়ে হয়তো ঘৰৰ মানুহৰ বিৰুদ্ধে ৰণত নামিবলৈ ইচ্ছা নথকাৰ বাবেই বিজেপিৰ সেই প্ৰস্তাৱ মানি লোৱা নাই বুলি বহুতে ধাৰণা কৰিছে। এইক্ষেত্ৰত বৰুণে সন্মতি দিব বুলি বিজেপি আশাবাদী হোৱাৰ এটা কাৰণ হয়তো আছিল যে তেওঁৰ মাতৃ মানেকা গান্ধীয়ে ১৯৮৪ চনৰ নিৰ্বাচনত প্ৰিয়ংকা গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীৰ বিৰুদ্ধে যুঁজ দিছিল। প্ৰাক্তন কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে একেৰাহে চাৰিবাৰ দখল কৰিছিল ৰায়বৰেলী। এইবাৰ ছোনিয়াই ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বাবে সেই আসনত কংগ্ৰেছে কাক প্ৰক্ষেপ কৰিব তাকেলৈ আলোচনা হৈ আছে।

যদিও কংগ্ৰেছে আমেঠি বা ৰায়বৰেলীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই শেহতীয়া এক সাক্ষাৎকাৰত দাবী কৰিছে যে দুয়োখন আসনৰ বাবে “আচৰিত” কিবা এটা ঘোষণা কৰা হ’ব পাৰে। ছোনিয়াৰ পূৰ্বে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তিনিবাৰ ৰায়বৰেলীৰ পৰা জয়ী হৈছিল। আসনখনৰ পৰা ইন্দিৰাৰ স্বামী ফিৰোজ গান্ধীও দুবাৰকৈ নিৰ্বাচিত হৈছিল। সেয়েহে, কংগ্ৰেছে এই পাৰিবাৰিক দুৰ্গৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এজন ‘গান্ধী’ পৰিয়ালৰ লোককে বিচাৰে বুলি বহুতে ধাৰণা কৰিছে। এইক্ষেত্ৰত প্ৰিয়ংকা দৌৰত আগবাঢ়ি আছে বুলি অনুমান কৰা হৈছে। জ্যেষ্ঠ কংগ্ৰেছ নেতা এ কে এণ্টনিয়েও তেনে ইংগিত দিছে।

Leave A Reply