BJP: কংগ্ৰেছৰ বিভাজনকাৰী ৰাজনীতিক ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ সকিয়নী

বিজেপিৰ(BJP) ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰথম দিনাৰ কাৰ্যসূচীত দ্বিতীয় সত্ৰত ৰাজনৈতিক প্ৰস্তাৱ দাঙি ধৰি মন্ত্ৰী ৰনজিৎ দাসে কংগ্ৰেছক বৃহত্তৰ অসমীয়া জাতিক বিভাজন কৰিবলৈ চেষ্টা কৰা ষড়যন্ত্ৰৰ বাবে তীব্ৰ সকিয়নী প্ৰদান কৰে৷ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহৰ কাৰ্যনিৰ্বাহকস্থলীৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিজ্ঞপ্তি যোগে ৰাজ্যিক মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে এই কথা সদৰি কৰি কয় যে, ৰাজনৈতিক প্ৰস্তাৱটোত মন্ত্ৰী গৰাকীয়ে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে অবৈধ বিদেশীৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতিক সমৰ্থন আগবঢ়াই লগতে চৰকাৰী ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদ কৰাৰ কাৰ্য্যক পূৰ্ণ সমৰ্থন আগবঢ়াইছে৷

মন্ত্ৰী গৰাকীৰ প্ৰস্তাৱক সমৰ্থন প্ৰদান কৰি সাংসদ পৰিমল শুক্লবৈদ্য, মন্ত্ৰী বিমল বড়া, বিধায়ক নোমল মমিনে বক্তব্য ৰাখি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভবিষ্যতৰ বাবে অসম চৰকাৰে কৰা কাম সমূহক পূৰ্ণ সমৰ্থন আগবঢ়াই৷ অন্যহাতে ৰাজ্যিক মুখ্য মখপাত্ৰ কিশোৰ উপাধ্যায়, গোৱালপাৰ জিলা সভাপতি দিপাংকৰ নাথ, ৰাজ্যিক নেতা অশ্বিনী ৰায় চৰকাৰ আদি বহু কেইজন কাৰ্যকৰ্তাই মন্ত্ৰী ৰনজিৎ দাসে উপস্থাপন কৰা ৰাজনৈতিক প্ৰস্তাৱক সমৰ্থন আগবঢ়াই৷

Related Articles