Breaking

বেজেৰাত বিজেপিৰ বেজেৰা মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা

0 1,623

বন্তি প্ৰজ্বলন আৰু ভাৰত মাতৃ বন্দনাৰে আজি বেজেৰা মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হয় । বেজেৰাৰ বৰবংশৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাৰ্যনিৰ্বাহক সভাৰ পতাকা উত্তোলন কৰে বিজেপিৰ বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাই । বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাৰ সভাপতিত্বত অনুস্থিত হোৱা কাৰ্য্যনিৰ্বাহক সভা খনত বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাসে বিজেপি দলৰ কাৰ্য্যকৰ্তাসকলক সদায় দলৰ সেৱা আগবঢ়াই যাবলৈ পৰামৰ্শ প্ৰদান কৰে। গুৱাহাটী মহানগৰ জিলা বিজেপিৰ সাধাৰণ সম্পাদক বিজয় পাঠকে সাংগঠনিক দিশত কেনেকৈ শক্তিশালী কৰিব পাৰি তাৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই কয় যে সংগঠনৰ লগত কেতিয়াও কম্প্ৰমাইজ কৰিব নালাগে।

সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক উপ সভাপতি তবিবৰ ৰহমানে নিজৰ ভাষণত কয় যে গৰিয়া, মৰিয়া, দেশী, জলাহ আৰু চৈয়দক চৰকাৰে কেবিনেটত খিলঞ্জীয়া অসমীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰাত মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে কংগ্ৰেছে ৭৫ বছৰে খিলঞ্জীয়া মুছলমানৰ কাৰনে একো নকৰিলে বুলি তবিবৰ ৰহমানে দুখ প্ৰকাশ কৰি কয় যে এতিয়াও যিসকলে কংগ্ৰেছত লাগি আছে সেই সকল ব্যক্তিয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব লাগে বুলি মন্তব্য কৰে।

বেজেৰা মণ্ডলৰ সাধাৰণ সম্পাদক ৰুবুল দাসে আত ধৰা কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে শৰাইঘাট জিলা পৰিষদৰ সদস্য নয়নমনি বড়া , বেজেৰা মণ্ডলৰ অন্যতম সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি কলিতা, গুৱাহাটী মহানগৰ জিলাৰ উপ সভাপতি চন্দনা মহন্ত বনিয়া, মণ্ডলৰ বিষয়ববীয়া, মৰ্চাৰ সভাপতি, বেজেৰা মণ্ডলৰ অন্তৰ্গত সকলো পঞ্চায়তৰ সভাপতি, পঞ্চায়ত সদস্য, বিজেপি জেষ্ঠ কনিষ্ঠ কাৰ্য্যকৰ্তা উপস্থিত থাকে ।

Leave A Reply