Breaking

বাক্সা জিলাত বিজেপিৰ ব্যাপক নিৰ্বাচনী তৎপৰতা

0 28

 ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ লগতে বিজেপি দলেও চলাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ দলটোৱে তৃণমূল পৰ্যায়ত কৰ্মীসকলক লৈ ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে পৃষ্ঠা প্ৰমুখ সন্মিলন। আজি বাক্সা জিলাৰ ৬৩ নং চাপাগুৰি বিধান সভা সমষ্টিৰ মুছলপুৰত অনুষ্ঠিত হয় সমষ্টিভিত্তিক পৃষ্ঠাপ্ৰমুখ সন্মিলন। সন্মিলনত দলীয় স্থিতি সম্পৰ্কে বুজ লয় দলটোৰ অ’বিচি মৰ্চাৰ সভাপতি বিতোপন ৰাইদঙীয়াই । জিলা বিজেপিৰ উপসভাপতি ৰিদিপ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সন্মিলনত অংশগ্ৰহণ কৰি ৬৩ নং চাপাগুৰী বিধানসভা সমষ্টিৰ মুখ্য পৃষ্ঠপোষক কুমুদ দাসে উদ্বোধনী ভাষণত কয় যে ভাৰতীয় জনতা পাৰ্টী এটা ভাৰতবৰ্ষৰ নহয়, বিশ্বৰে অন্যতম শক্তিশালী ৰাজনৈতিক দল ৷ এই দলত যোগদান কৰি নিজকে ধন্য কৰক ৷ উন্নয়নৰ গতি যদি তৰান্বিত কৰিব লাগে তেনেহলে ভাৰতীয় জনতা পাৰ্টিয়েহে কৰিব লাগিব ৷ উন্নয়নৰ স্বাৰ্থত চাপাগুৰি সমষ্টিত পৰিৱৰ্তন হ’ব বুলি দোহাৰি কংগ্ৰেছ দলৰ মহাজোঁটে উন্নয়ন নহয় বিনাশহে কৰিব বুলি কটাক্ষ কৰে । তদুপৰি তেওঁ এইবাৰ বিজেপি দলে এশ শতাংশই ৰাজ্যত চৰকাৰ গঠন কৰিব বুলি কয় । দাসে লগতে আজি সন্মিলনত অংশগ্ৰহণ কৰা পৃষ্ঠা প্ৰমুখ সকলক সমষ্টিটোৰ প্ৰতিটো পৰিয়াললৈ গৈ খবৰ লবলৈও আহ্বান জনায়। জিলাখনৰ হাজাৰোধিক পৃষ্ঠা প্ৰমুখে অংশ লোৱা সন্মিলনত বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ লগতে পংকজ দাস, তৰুণ বসুমতাৰী, ৰমেশ দাসকে ধৰি কেবাজনো বিজেপি নেতা উপস্থিত থাকে ৷ উল্লেখ্য যে আজিৰ এই পৃষ্ঠা প্ৰমুখ সন্মিলনে চাপাগুৰি বিধান সভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীক এক নতুন মাত্ৰা প্ৰদান কৰে।###Attachments area

Leave A Reply