Breaking

১৬ জুনত সৰুপথাৰ সমষ্টিত বিজেপিৰ বিশাল জন সমাৱেশঃ জন সমাৱেশৰ স্থান পৰ্যবেক্ষণ সৰ্বানন্দ সোণোৱালৰ

0 57

সমাগত লোকসভা নিৰ্বাচন। সেই উপলক্ষে অহা ১৬ জুনত কলিয়াবৰ লোকসভা সমষ্টিৰ সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰঙিত অনুষ্ঠিত হ’ব বিশাল জন সমাৱেশ৷

উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সহ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি দলৰ কেন্দ্ৰীয় বিষয়ববীয়া৷

সেই উপলক্ষে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰিদৰ্শন কৰে মৰঙিৰ দৈগ্ৰোং বাগিছা খেলপথাৰ, মৰঙিৰ দৈগ্ৰোং বাগিছা খেলপথাৰ পৰিদৰ্শন কৰি বুজ লয় ৰাজহুৱা বিশাল সভাৰ স্থান সম্পৰ্কত ৷

সেই উদ্দেশ্যে গোলাঘাট জিলাৰ দলীয় বিষয় ববীয়া সকলৰ লগতো এক আলোচনাত মিলিত হয় সভা অনুষ্ঠিত হ’ব লগা খেলপথাৰ খনতে৷

সৰ্বানন্দ সোনোৱালক সংগ দিয়ে সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন, সাংসদ কামাখ্যা প্ৰসাদ তাছা, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই, বিজেপিৰ গোলাঘাট জিলা সভাপতি দেৱপ্ৰদীপ বৰা, দলীয় বিষয় ববীয়াৰ উপৰি জিলা উপায়ুক্তৰ লগতে আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে ৷

Leave A Reply