Breaking

আমগুৰিৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত বিজেপিৰ বিশাল জনসমাবেশ

0 105

কেন্দ্ৰীয় চৰকাৰৰ নৱম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৰূপায়ন হৈ থকা “মহা জন সম্পৰ্ক অভিযান”ৰ অংশস্বৰূপে দেওবাৰে এখন বিশাল জনসভা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ দুৰ্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়।

উক্ত বিশাল জনসভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি.নাড্ডা, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃবৃন্দই।

প্ৰতিকূল বতৰকো নেওচি বিশাল জনসভাখনত প্ৰায় দহহেজাৰ কাৰ্যকৰ্তাৰ লগতে সাধাৰণ জনগণ উপস্থিত থাকে।

Leave A Reply