Breaking

জোনাই-বাহিৰ জোনাই অঞ্চলৰ বড়ো গাঁও পৰিদৰ্শন বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীৰ…

0 52

জোনাই-বাহিৰ জোনাই অঞ্চলৰ বড়ো গাঁও পৰিদৰ্শন বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰীৰ

জোনাই মহকুমাৰ অন্তৰ্গত বিভিন্ন বড়ো গাঁৱত উপস্থিত হৈ গাওঁ সমূহৰ বিভিন্ন সমস্যাৰ বুজ লয় বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে।আজি পুৱা ১০-৩০ বজাত জোনাই হাতীজান গাঁৱত উপস্থিত হৈ বিকেডব্লিউএচিৰ প্ৰধান গৰাকীয়ে হাতীজান বড়ো গাঁৱৰ সভাপতি মেৰগা নাৰ্জাৰী আৰু গাঁৱৰ ৰাইজৰ লগত আলোচনাত মিলিত হয়। আলোচনা কৰোঁতে জোনাই শিলিখাগুৰী, কৃঞ্চপুৰ,সোণাপুৰ, গৌজৌনপুৰ,বালাবাৰী,ৰায়াং কাঠনি,মিলনপুৰ,ৰাজাখনা বড়ো, উদয়পুৰ,ৰতনপুৰ,ধৰ্মপুৰ,মাইদাংশ্ৰী,

১ নং মাইনাওপুৰ,২ নং মাইনাওপুৰ,৩ নং মাইনাওপুৰ,১ নং লাডাংগুৰী, ২ নং লাডাংগুৰী, ৰাবাংগুৰী, জয়পুৰ, থাইগিৰগুৰী,দাঙাইগাঁও আদি বড়ো গাওঁ সমূহৰ শৈক্ষিক, ধৰ্মীয়, যাতায়ত আদি ক্ষেত্ৰৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে।ইয়াৰ পাছতে বাহিৰ জোনাই অঞ্চলৰ টাৰি কছাৰী গাঁৱত উপস্থিত হৈ অঞ্চলৰ বেৰা চাপৰি জলডুবি,শান্তিপুৰ,গোবিন্দপুৰ,ৰাভা কাঠনি আদি বড়ো গাওঁ সমূহৰ বিভিন্ন সমস্যাৰ বিষয়ে বুজ লয়। জোনাই আৰু বাহিৰ জোনাই অঞ্চলৰ বড়ো গাঁও সমূহ পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লোৱাৰ পাছত ব বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ৰাইজক উদ্দেশ্যি কয় অসম চৰকাৰে বিকেডব্লিউএচিলৈ সীমিত বাৰ্ষিক পুঁজি আগবঢ়াই আহিছে।

যাৰবাবে আশা কৰা ধৰণে বিকেডব্লিউএচিয়ে উন্নয়নৰ আঁচনি গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই বুলি বক্তব্য ৰাখি তৎস্বত্তেও বিকেডব্লিউএচিৰ সীমিত পুঁজিৰে জোনাই হাতীজান গাঁৱৰ বাথৌ মন্দিৰৰ চৌহদ বেৰ নিৰ্মাণ আৰু তাৰি কছাৰী ৰাজহুৱা খেলপথাৰৰ চৌহদ বেৰ নিৰ্মাণ আঁচনি ঘোষণা কৰে আৰু পৰ্য্যায়ক্ৰমে ৰাইজৰ সমস্যাৰ সমাধানৰ আঁচনি গ্ৰহণ কৰিব বুলি উল্লেখ কৰি ৰাইজক কিছুদিন ধৈৰ্য্য ধৰিবলৈ আহ্বান জনায়। পৰিদৰ্শন কালত ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, বিটিআৰৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ উপদেষ্টা বিউটি গয়াৰী,ধেমাজি জিলা বড়ো সাহিত্য সভাৰ উপদেষ্টা ভূমিধৰ বড়ো,আবৌফৰ ধেমাজি জিলা সমিতিৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, জোনাই আইটিডিপিৰ সভাপতি ফৈলাও মুছাহাৰী,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক তৰণি বসুমতাৰী, বাহিৰ জোনাই লুহিজান গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য বিজয় বসুমতাৰী,

শম্ভু দাস চিলাপথাৰ

Leave A Reply