Black Tea: চেনি নিদিয়াকৈ খাব চাহ, বহু ৰোগৰ পৰা পাব সকাহ; গৱেষণাত প্ৰকাশ পাইছে এই তথ্য!

বেছিভাগ ভাৰতীয় (Black Tea) মানুহেই দিনটোত বহুত কেই কাপ চাহ খাই। চেনিযুক্ত চাহ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয় কিন্তু আপুনি জানেনে যে চেনিবিহীন চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী হ’ব পাৰে।

শেহতীয়াকৈ এক গৱেষণাৰ পৰা দেখা গৈছে যে চাহ, বিশেষকৈ গ্ৰীণ টি আৰু ক’লা চাহে কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাই নহয়, হৃদযন্ত্ৰ, ডায়েবেটিছ, বাতবিষ আৰু মগজুৰ লগত জড়িত ৰোগতো উপকৃত হ’ব পাৰে।

চাহ শৰীৰৰ বাবে উপকাৰী-

আমেৰিকান নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি চাহপাতত বিশেষকৈ ইজিচিডি নামৰ মৌল এটাত পোৱা পলিফিনলে শৰীৰৰ প্ৰদাহ কমায়, কোষবোৰ ভাঙি যোৱাত বাধা দিয়ে আৰু বিপজ্জনক উপাদানৰ বিৰুদ্ধে যুঁজ দিয়ে।

ক’লা চাহ খোৱাৰ উপকাৰিতা-
গৱেষণাৰ দাবী যে দৈনিক ৩ৰ পৰা ৫ কাপ গ্ৰীণ টি বা ক’লা চাহ খোৱা লোকৰ কৰ্কট ৰোগৰ সম্ভাৱনা কম। ছালৰ কৰ্কট ৰোগ, প্ৰষ্টেট কেন্সাৰ, হাওঁফাওঁৰ কৰ্কট ৰোগ আনকি স্তন কেন্সাৰতো চাহ ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছে। কিন্তু, অতি গৰম চাহ খালে উপকাৰতকৈ ক্ষতি বেছি হয়। কেৱল কেন্সাৰেই নহয়, চাহ হৃদৰোগতো উপকাৰী। গ্ৰীণ টিয়ে শৰীৰৰ বেয়া কলেষ্টেৰল হ্ৰাস কৰে, চৰ্বি ফ্লাছ আউট কৰাত সহায় কৰে, হৃদযন্ত্ৰৰ নলী পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। ডায়েবেটিছ ৰোগীৰ বাবেও গ্ৰীণ টি ভাল বিকল্প হ’ব পাৰে, কিয়নো ই ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।

চেনিৰ সৈতে চাহ খোৱাটো ক্ষতিকাৰক-

খালী পেটত বা অতিৰিক্ত চেনিৰ সৈতে বেছিকৈ চাহ খোৱাতো শৰীৰৰ ক্ষতি হ’ব পাৰে। যদি সঠিকভাৱে, ভাৰসাম্য ৰক্ষা কৰি খোৱা হয়, তেন্তে চাহে কেৱল দিনটো আৰম্ভ কৰাই নহয়, আপোনাৰ জীৱনটোও ভাল কৰি তুলিব পাৰে।

Related Articles