Breaking

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ চিচিবৰগাঁও ব্লকৰ উদ্যোগত খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতা…

0 63

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ চিচিবৰগাঁও ব্লকৰ উদ্যোগত খণ্ড পৰ্যায়ৰ প্ৰতিযোগিতা। বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে সমাজৰ পৰা অন্ধবিশ্বাস সমূহ দূৰ কৰি বৈজ্ঞানিক মানসিকতা সৃষ্টিৰ উদ্দেশ্যে গঠন কৰা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ চিচিবৰগাঁও খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ আৰু অসম চৰকাৰৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগত আজি চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় খণ্ড পৰ্যায়ৰ এক প্ৰতিযোগিতা অনুষ্ঠান।

ধেমাজি জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ গুঞ্জন গগৈয়ে উদ্বোধনী ভাষণেৰে উদ্বোধন কৰা প্ৰতিযোগিতা অনুষ্ঠানটোৰ ফিটা কাটি মুকলি কৰে চিলাপথাৰ ডনবস্ক’ হাইস্কুলৰ অধ্যক্ষ ফাদাৰ আগষ্টিনে। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত আৰ্হি প্ৰস্তুতকৰণ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, চিত্ৰাংকণ আৰু চিন্তাৰ নতুনত্ব প্ৰতিযোগিতাত অঞ্চলৰ প্ৰায় অৰ্ধ শতাধিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে চিচিবৰগাঁও ব্লক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সভাপতি গোপাল চন্দ্ৰ দেৱে।

চিলাপথাৰৰ পৰা শম্ভু দাসৰ প্ৰতিবেদন

Leave A Reply