তামুলপুৰ জিলা এবছুৰ উদ্যোগত ৰক্ত দান শিবিৰ

নিখিল বড়ো ছাত্ৰ সন্থা তামুলপুৰ জিলাৰ উদ্যোগত দেওবাৰে এবছুৰ প্ৰয়াত সভাপতি জৌহালো সৌমলা বসুমতাৰী ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰে।

উল্লেখ্য যে ১৯৯৬ চনৰ এই দিনটোতেই এবছুৰ সভাপতি জৌহালো সৌমলা বসুমতাৰীক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছিল।

তদুপলক্ষে প্ৰতি বছৰে এই দিনটো নিখিল বড়ো ছাত্ৰ সন্থাই সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে।

সেই উপলক্ষে নিখিল বড়ো ছাত্ৰ সন্থা তামুলপুৰ জিলাই এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে।

এই শিবিৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰায় শতাধিক বিষয়ববীয়াই ৰক্তদান কৰি মানবীয়তাৰ নিদৰ্শন দাঙি ধৰে।

Related Articles