প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ৰঙিয়াত বহুত যুৱকে ৰক্তদানৰ দৰে মহান কাৰ্যত যোগদান কৰে ।
ৰক্তদান মহান দান প্ৰধানমন্ত্ৰীৰ জন্মদিনত ৰক্তদানেৰে অভিলেখ ৰচিলে এক লক্ষাধিক লোকে ।
মোদীৰ জন্মদিন উপলক্ষে আয়োজন কৰা ৰক্তদান শিবিৰত এতিয়ালৈকে সমগ্ৰ দেশতে ৬,১৩৬ টা শিবিৰ অনুমোদিত হৈছে আৰু প্ৰায় ১,৯৫,৯২৫ জন দাতাই পঞ্জীয়ন কৰিছে ৷

এই অভিযানৰ লগত জড়িত এজন বিষয়াই কয় যে ৮৭,১৩৭ জনৰো অধিক লোকে ইতিমধ্যে ৰক্তদান কৰিছে।এই অভিযানৰ লক্ষ্য হৈছে স্বেচ্ছামূলক ৰক্তদানৰ প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ উপৰিও এদিনত প্ৰায় এক লাখ ইউনিট তেজ সংগ্ৰহ কৰা।

স্বেচ্ছামূলক ৰক্তদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ এক অংশ বুলি মন্তব্য কৰে৷