খোল খালে বিতৰ্কিত দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো।(BN Singh petrol pump)
চাৰি দিনৰ মূৰত খুলিল বিতৰ্কিত বি এন সিঙৰ পেট্ৰ’ল পাম্প।
আৰক্ষীৰ বেষ্টনীৰ মাজত পুনৰ মুকলি কৰা হ’ল পেট্ৰ’ল পাম্পটো।
দল-সংগঠনৰ প্ৰতিবাদত ২১ মে’ৰ পৰা বন্ধ হৈ আছিল ডিপোটো।
পেট্ৰ’ল ডিপোটোত সংঘটিত মাৰপিটক কেন্দ্ৰ কৰি বন্ধ হৈ পৰিছিল পাম্পটো।
ঘটনাৰ বাবে বৰ্তমানো ৰঙাঘৰত আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱা।