ব্ৰহ্মপুত্ৰৰ মাজত নাওঁ দুৰ্ঘটনা, প্ৰায় পাঁচ লাখ মূল্যৰ সামগ্ৰীৰ ক্ষতিসাধন…

মুকালমুৱাৰ শিয়ালমাৰীত ব্ৰহ্মপুত্ৰ নৈত অঘটন। ব্ৰহ্মপুত্ৰৰ মাজত নাওঁ দুৰ্ঘটনা সংঘটিত হয়। বুধবাৰে নিশা ভাংনামাৰীৰ পৰা বহৰি বজাৰলৈ ব্যৱসায় সংক্ৰান্তত যোৱা ইঞ্জিন চালিত নাওঁ ব্ৰহ্মপুত্ৰৰ মাজত দুৰ্ঘটনাত পতিত হয়। ভাংনামাৰী আৰু কুৰিহামাৰীৰ ছয় জনকৈ ব্যৱসায়ীয়ে বিভিন্ন সামগ্ৰী লৈ যোৱা অৱস্থাত সংঘটিত হয় নাওঁ দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও কেইবাজনো ব্যৱসায়ীৰ প্ৰায় পাঁচ লাখ টকাৰ সা-সামগ্ৰীৰ ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত পতিত হোৱা নাওঁ খনত বুটমাহ,সৰিয়হ, ধনীয়া, কালিজীৰা আদি আছিল। ব্যৱসায়ীসকল ক্ৰমে জিয়াৰ উদ্দিন বেপাৰী, ছবুৰ উদ্দিন, জাহেৰ আলী, কালাচান আলী, শ্বহিদুল আলী, ফকিৰচান আলী। নাও দুৰ্ঘটনা হোৱাৰ পিছত ব্যৱসায়ীসকলে চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে।

Related Articles