প্ৰতিযোগিতাখন উদ্ধোধন কৰে মিচিং বানে কেবাঙৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু মেদকে

ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত গালীঘাটত TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এক বৃহৎ নাও প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাৰ জোনাইতো TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱসক লৈ উখল মাখল পৰিবেশ। ইয়াৰ সমান্তৰালভাৱে TMPK গালী আঞ্চলিক সমিতিৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে উৎযাপন কৰিছে TMPK ৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে যোৱা কালি শনিবাৰে দ্বিতীয়টো দিনত জোনাইৰ গালীঘাটতত ২০ টা নাও দলৰ অংশগ্রহণেৰে অনুষ্ঠিত কৰে এক নাও প্ৰতিযোগিতা।

