ফিটনেছ চেন্টাৰৰ উদ্যোগত খৈৰাবাৰীত শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতা

ওদালগুৰি জিলা খৈৰাবাৰী ফিটনেছ চেন্টাৰৰ উদ্যোগত আজি খৈৰাবাৰী মহিৰঙ্গত তৃতীয় বাৰ্ষিক শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতা mr khoirabari 2021 অনুষ্ঠিত কৰে।উক্ত প্ৰতিযোগিতাৰ দ্বাৰা অঞ্চলটোৰ জনসাধাৰণক স্বাস্থ্য আৰু শৰীৰৰ প্ৰতি যত্ন ৰাখিবলৈ সজাগ কৰি আহিছে।

ইয়াৰ পৰিপেক্ষিতত প্ৰতিবছৰে খৈৰাবাৰী ফিটনেছ চেন্টাৰে শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে বুলি স্বত্বাধিকাৰ প্ৰঞ্জল বড়োৰ মন্তব্য। প্ৰায় ২৬ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতাৰ মঞ্চখন শুভ মুকলি কৰে ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ চন্দ্ৰ বড়োয়ে।

আনহাতে বিশিষ্ট অতিথি হিছাপে উপস্থিত থকা বগছা জিলা মহিলা শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতাৰ বিজেতা মিচ বক্সাৰ ২০২১ ৰে সন্মানীত ৰিতা বসুমতাৰীয়ে প্ৰতিযোগী সকলক মনোবল দিয়াৰ লগতে বৰ্তমান সময়ত শৰীৰ প্ৰদৰ্শন প্ৰতিযোগিতাৰ পুৰুষৰ তুলনাত পিছুৱাই নাথাকি মহিলা সকলো ওলাই আহিব লাগে বুলি মন্তব্য প্ৰকাশ কৰে ।

অমৰজিৎ ৰাভাৰ

Related Articles