Breaking

বিহালীত বাঘৰ আতংকৰ মাজতে অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ!

0 30

বিহালীৰ বিভিন্ন স্থানত এতিয়াও বাঘৰ আতংক অব্যাহত আছে।কিন্তু তাৰ মাজতে বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হোৱা বিজয় গোৱালা নামৰ লোকজনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বিহালীত। মঙলবাৰে এখন ব্যক্তিগত চাহ বাগিছাত উদ্ধাৰ হৈছে এই মৃতদেহটো ।জানিব পৰা মতে লোক জনে ২০ দিনমান পূৰ্বে বিহালীৰ বৰাজুলী গাৱঁত বাঘে আতংকিত পৰিবেশৰ সৃষ্টি কৰিছিল আৰু সেই সময়ত নিজৰ পৰিয়ালক ঘৰৰ ভিতৰত থাকিবলৈ দি বাঘ খেদিবলৈ গৈ নিৰুদ্দেশ হৈছিল লোকজন।

পৰবৰ্তী সময়ত লোক জনক পৰিয়ালৰ লোকে বিচাৰি নাপাই আত্মীয় স্বজনক খবৰ লোৱাৰ পাছতো সন্ধান পোৱা নাছিল লোকজনৰ।কিন্তু মংগলবাৰে হঠাৎ নিৰুদ্দেশ হোৱা লোকজনৰ মৃতদেহ এখন চাহ বাগিছাৰ মাজত অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত এক চাঞ্চল্যৰ সৃষ্টি হৈছে বিহালীত।মৃতদেহৰ মুণ্ড আৰু দেহ পৃথক পৃথক ভাবে বাগিচাখনত অৰ্ধ গলিত অবস্থাত উদ্ধাৰ হোৱাত আৰু আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।বিহালীত বহু দিনৰ পৰাই বাঘে পশুধন আক্ৰমণত ৰাইজৰ ক্ষতি সাধন কৰি আহিছিল যদিও আজিকোপতি মানুহক আক্ৰমণ কৰা নাছিল।

এতিয়া মৃতদেহ উদ্ধাৰ হোৱাত বিহালীবাসী আৰু আতঙ্কিত হৈ পৰিছে।ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লোকজনৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ অনাৰ বাবে তদন্ত অব্যাহত ৰাখিছে বিহালী আৰক্ষীয়ে। স্থানীয় ৰাইজৰ সন্দেহ বাঘৰ আক্ৰমণতে এই লোক জনক মৃত্যু হৈছে ।এই ক্ষেত্ৰত এই দৰিদ্ৰ পৰিয়ালটোৰ ঘৰৰ মুৰব্বী জনৰ মৃত্যুৰ ক্ষতি পুৰণ পোৱাৰ দাবী জনাইছে বিহালীৰ সচেতন লোকে।

Leave A Reply