বিশ্বনাথঘাটত উদ্ধাৰ ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ

বিশ্বনাথৰ ভাছাতাপোত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় নিশ্চিত কৰা হল।মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।মৃতদেহৰ পকেটৰ মানি বেগৰ পৰা পোৱা পৰিচয়পত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা।মানি বেগৰ ভিতৰত ভোটাৰ কাৰ্ড,ড্ৰাইভিং লাইচেঞ্চ,পান কাৰ্ড আৰু বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ দ্বাৰা জানিব পৰা গৈছে।বিশ্বনাথঘাটত উদ্ধাৰ হোৱা মৃতদেহতো জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।
খুৰাকে চিনাক্ত কৰিছে মৃতদেহতো।নথি পত্ৰ উদ্ধাৰ হৈছে মৃতদেহটোৰ সৈতে।
যোৱা ৮ ছেপ্টেম্বৰত পত্নীক জীৱনদান দি নিজেই মহাবাহু ব্রহ্মপুত্রৰ বুকুত বিলীন হৈ যোৱা ইন্দ্রেশ্বৰ বৰাৰ বেগ এটা শুকুৰবাৰে বিশ্বনাথত উদ্ধাৰ হোৱাৰ পাছতে আজি পুৱা বিশ্বনাথঘাটৰ ভাচাতাপুত ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হয় । ভটিয়নি সোঁতত উটি অহা মৃতদেহটো আজি উদ্ধাৰ কৰা হয়। ব্রহ্মপুত্রৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীয়ে নিয়মীয়া তহলৰ সময়তে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষীয়ে মৃতদেহটোৰ পকেটৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰৰ সহায়তেই মৃতদেহটো ইন্দ্রেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰে।

উল্লেখ্য যে, উক্ত স্থানৰ পৰা কিছু নিলগতে যোৱা শুকুৰবাৰে উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ পৰা পত্নীৰ বেগটো।

Related Articles