Breaking

ভৈৰৱপুৰত অৰ্ধগলিত অৱস্থাত নিৰুদিষ্ট কিশোৰৰ মৃতদেহ উদ্ধাৰ…

0 67

ভৈৰৱপুৰত অৰ্ধগলিত অৱস্থাত নিৰুদিষ্ট কিশোৰৰ মৃতদেহ উদ্ধাৰ

পৰিকল্পিত হত্যা নে আত্মহত্যা সন্দেহ ৰাইজৰ

আজি আবেলি চিলাপথাৰ থানাৰ অন্তৰ্গত ১ নং ভৈৰৱপুৰ গাঁৱত বজাৰৰ সমীপত নবীন দাস(১৪) নামৰ এটি কিশোৰৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উক্ত গাঁৱৰ নিবাসী অৰুন দাসৰ পুত্ৰ নবীন দাসৰ মৃতদেহটো কিশোৰজনৰ বায়েকৰ বাৰীৰ এজোপাৰ গছৰ তলত গলিত অৱস্থাত আজি সন্ধিয়া ৫ মান বজাত প্ৰত্যক্ষ কৰে।

উল্লেখ্য যে মৃত কিশোৰটিৰ পিতৃ অৰুণ দাস দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ থকা বিপৰীতে মাতৃৰো মৃত্যু হোৱাত কিশোৰটি মাহীয়েকৰ ঘৰতে লালন-পালন হৈছিল। বৰ্তমান নবীন দাসে নিজা ভায়েক-ভিনীহিয়েকৰ লগত বসবাস কৰি আছিল। আজি পুৱা ১০ মান বজাত কিশোৰটি যোৱা ১১ অক্টোবৰৰ পৰা সন্ধানহীন হৈ থকা বুলি এজাহাৰ

দিছিল যদিও নিজা বাৰীতে ওৱলি যোৱা অৱস্থাত কিশোৰজন মৃতদেহটো উদ্ধাৰ হোৱা ঘটনাটোত সকলো আচৰিত হৈছে। মুখমণ্ডলৰ লগতে দেহৰ অধিকাংশই উৱলি যোৱা কিশোৰটোৰ ডিঙিত ফাঁচ লাগি থকা অৱস্থাত এডোখৰ ৰছী থকা পৰিপেক্ষিতত বহুতে আত্মহত্যা বুলি সন্দেহ কৰিছে যদিও একাংশই হত্যাকাণ্ডও হব পাৰে বুলি ভাবিছে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰিছে। আৰক্ষীৰ তদন্ততহে এয়া পৰিকল্পিত হত্যা নে আত্মহত্যা সেই কথাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম

Leave A Reply