নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ লাউঠাৰিত কালভাৰ্টৰ তলত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত লাউঠাৰিত এখন মোনাৰ ভিতৰত পলিথিনেৰে মেৰিওৱা এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ কৰা হয়।জানিব পৰামতে মুকালমুৱাৰ লাউঠাৰিত এটি কালভাৰ্টৰ তলৰ পানী যুৱলিত এখন মোনা প্ৰত্যক্ষ কৰে পথচাৰীয়ে।কোনো পাষাণ হৃদয়ৰ মাতৃয়ে গৰ্ভস্থ সন্তানটি হত্যা কৰি এনেদৰে পলিথিনেৰে মেৰিয়াই পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে।

পিছত মুকালমুৱা আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে নৱজাতকৰ মৃতদেহটো উদ্ধাৰ কৰি মুকালমুৱা থানালৈ লৈ যায় ।

Related Articles