আৰক্ষীয়ে ঘটনাটো গুৰত্বসহকাৰে লৈ দণ্ডাধীশৰ উপস্থিতিত তদন্ত আৰম্ভ কৰিছে।
মঙলবাৰে বিয়লি যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজীৰ এগৰাকী ছাত্ৰীৰ ভাড়াঘৰৰ কোঠাত মৃতদেহ উদ্ধাৰ হয়। যোৰহাট নগৰৰ মাজমজিয়াস্থিত শিক্ষা প্ৰতিষ্ঠানখনৰ সমীপতে থকা এটা ভাড়াঘৰত চিপ লৈ ওলমি থকা থকা অৱস্থাত উদ্ধাৰ হোৱা ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে। মৃত ছাত্ৰীগৰাকী নামৰূপৰ পৰিস্মিতা সোণোৱাল।
অনিতা পি জি নামৰ ব্যক্তিগত হোষ্টেলটোত বাস কৰিছিল ছাত্ৰীগৰাকীয়ে। অটমোবাইল বিভাগৰ প্ৰথম বৰ্ষৰ ছাত্ৰী বুলি জানিব পৰা গৈছে মৃত ছাত্ৰীগৰাকী। মঙলবাৰেও শিক্ষানুষ্ঠানলৈ গৈছিল ছাত্ৰীগৰাকী। কিন্তু কি পৰিস্থিতিত পৰি এই চৰম সিদ্ধান্ত ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে ঘটনাটো গুৰত্বসহকাৰে লৈ দণ্ডাধীশৰ উপস্থিতিত তদন্ত আৰম্ভ কৰিছে

