ভূঞাপট্টি দলঙৰ পথৰ দাঁতিত হাতত চিৰিঞ্জ লৈ থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

নগাঁও চহৰৰ ভূঞাপট্টি দলঙৰ সমীপৰ পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুৱাই পথৰ দাঁতিত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে পিচত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।যুৱকজনৰ নাম সুশীল বুলি জানিব পৰা গৈছে।তেওঁ আৰক্ষী কনিষ্টবলৰ পুত্ৰ বুলিও চৰ্চিত হৈছে।জিনচ পেন্ট,জেকেট আৰু জোতা পৰিহিত যুৱকজনৰ মৃতদেহটোৰ কাষত এটা মবাইল ফোন পৰি থকাও দেখা পোৱা গৈছে।তদুপৰি যুৱকজনৰ এখন হাতত এটা চিৰিঞ্জ আছে।স্থানীয় একাংশলোকে যুৱকজনৰ হাতত চিৰিঞ্জ থকালৈ চাই তেওঁ ড্ৰাগছ আসক্ত আছিল বুলি আৰু অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিচতহে যুৱকজনৰ মৃতদেহৰ প্ৰকৃত কাৰণ উন্মোচিত হব।তাৎপৰ্যপূৰ্ণ যে শেহতীয়াকৈ নগাঁও চহৰ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে।নৱ প্ৰজন্মৰ একাংশৰ মাজত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱা কাৰ্য উদ্বিগ্নতাৰ কাৰণ হিচাপে বিবেচিত হৈছে।

Related Articles