Bohag Bihu 2025: ডিমৌৰ মধুপুৰত পৰম্পৰাগত উৎসাহ-উল্লাহেৰে গৰু বিহু উদযাপন

আজি ৰাজ্যজুৰি আনন্দ-উল্লাসৰে(Bohag Bihu 2025) পালিত হৈছে গৰু বিহু। পুৱাৰ পৰা খেতিয়ক মানুহে নিজৰ পোহনীয়া গো-ধনক নুৱাই- ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা কৰি উদযাপন কৰিছে এই পৰম্পৰাগত দিনটো। ডিমৌৰ মধুপুৰত দেখা গৈছে এক উলহ-মাখল পৰিৱেশ। অঞ্চলটোৰ ৰাইজে গাঁও-গাঁওত সাতামপুৰুষীয়া ৰীতি-নীতি অনুসৰি পালন কৰিছে গৰু বিহু। পুৱাতে ওচৰৰ নৈ-বিল-পুখুৰীত গো-ধন নুৱাই-ধুৱাই, লাও, বেঙেনা আৰু হালধি ছটিয়াই “লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা” বুলি গাই গোধনৰ কুশল কামনা কৰিছে।

দীঘলতি, মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই, লাও-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘায়ু আৰু নতুন শক্তি কামনা কৰাৰ এই ঐতিহ্য আজি সমানে জীৱন্ত। সন্ধিয়া সময়ত আদৰ-সাদৰেৰে গোহালিলৈ গো-ধনক অনা হয়। তদুপৰি, নতুন পঘাৰে গৰু বন্ধাৰ উপৰি গোহালি আৰু পদূলিত মৰলীয়া বন, অগৰু বন আৰু তুঁহৰ জাগ দি মাখিয়তী গছৰ পাত আৰু ন-বিচনীৰে বিচি, পিঠা-পনা খুৱাই গৰু বিহুৰ দিনটোত পৰম্পৰাৰ গৰ্ব অনুভৱ কৰিছে অঞ্চলবাসীয়ে। অসমীয়াৰ কৃষি জীৱনক কেন্দ্ৰ কৰি উদযাপন হোৱা এই উৎসৱটোৱে জনজীৱনত এক আশাৰ ৰঙেৰে ভৰাই তোলে।

Related Articles