মুকালমুৱাৰ দৰঙ্গিপাৰাত ব’হাগী উৎসৱ উদযাপন।ব’হাগী উৎসৱত উপস্থিত কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকা

জন্ম গাঁৱত বহাগী উৎসৱ উপভোগ কৰে কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই।দৰঙ্গিপাৰা আঞ্চলিক যুৱ বিকাশ ক্লাৱৰ সৌজ্যনত উদযাপন কৰে ২৯ তম বহাগী উৎসৱ। দৰঙ্গিপাৰাস্থিত আঞ্চলিক যুৱ বিকাশ ক্লাৱৰ চৌহদত উদযাপন কৰা ব’হাগী উৎসৱ। ২৯ তম বহাগী উৎসৱত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানত আধুনিক নৃত্য প্ৰতিযোগিতা আৰু কেইবাটাও বিহু হুচৰি দলৰ বিহু হুচৰি পৰিবেশন কৰে।

দুবছৰ পাছত বহাগী উৎসৱ উদযাপন কৰিবলৈ পাই আনন্দিত গাওঁবাসীৰ। দৰঙ্গিপাৰা গাৱঁৰ জীয়ৰী তথা বৰ্তমানৰ কোকৰাঝাৰ জিলা উপায়ুক্ত বৰ্ণালী ডেকাই বহাগী উৎসৱ উপভোগ কৰি আনন্দিত হৈ কয়,সদায় ৰাইজৰ ভাল কাম কৰি যাম আৰু এগৰাকী প্ৰশাসনিক বিষয়া হিচাপে সদায় সমাজৰ স্বাৰ্থত সেৱা কৰি যাব বুলি কয় বৰ্ণালী ডেকাই।

Related Articles