
দৰঙৰ পানাৰা তৰুন পুথিভঁৰাল আৰু সামুহিক বিকাশ কেন্দ্ৰৰ সৌজন্যত ইতিহাসে গৰকা(Bohagi Utsav 2025) অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুটিক এইবেলি ৫ আৰু ৬ ব’হাগ তথা ১৯ আৰু ২০ এপ্ৰিল শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে ব’হাগী উৎসৱৰ ৰূপালী জয়ন্তী হিচাবে পালন কৰিবলৈ প্ৰস্তুতি কৰিছে৷ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কন্দৰ্প শইকীয়াক সভাপতি, নাৰায়ণ ভট্টক মুখ্য সম্পাদক, অঞ্জন কলিতাক সহঃ সম্পাদক, নীলমণি তালুকদাৰক যুটীয়া সহঃ সম্পাদক হিচাপে লৈ এখন সবল নেতৃত্ব দিব পৰা সমিতি গঠন কৰি ১২খন উপসমিতিক বিভিন্ন কামৰ দায়িত্ব প্ৰদান কৰে৷ ১৯ এপ্ৰিল ৫ ব’হাগৰ পুৱা পৰিবেশ নিকাৰণৰ দ্বাৰা কাৰ্যসূচী শুভাৰম্ভ কৰিব যুৱ ব্যৱসায়ী কমলেশ্বৰ শইকীয়াই। ৰূপালী জয়ন্তীৰ ২৫ খন পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত সংঘৰ পতাকা আৰু বিহুৰ পতাকা উত্তোলন কৰিব ক্ৰমে বিজয় কুমাৰ বৰুৱা আৰু কন্দৰ্প শইকীয়াই৷
৮ বজাত স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপনৰ পিচত আমন্ত্ৰিত অতিথিৰ দ্বাৰা ৰঙা ফিটা কাটি আদৰনী তোৰন, মুখ্য তোৰন আৰু ৰভামঞ্চ উন্মোচন কৰিব ৷ ১১ বজাত উদযাপন সমিতিৰ স্মৃতি গ্ৰন্থ উপসমিতিৰ সভাপতি হেমচন্দ্ৰ কলিতাই সঞ্চালন কৰিব লগা অন্তৰংগ আলাপৰ আত ধৰিব স্মৃতি গ্ৰন্থ উপসমিতিৰ সম্পাদক ভগীৰথ চহৰীয়াই ৷ সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতাৰ অধ্যক্ষৰ আসন অলংকৃত কৰিব শিক্ষক শান্তিৰঞ্জন শইকীয়াই আৰু সহযোগ কৰিব শিক্ষক অনিৰ্বাণ বৰুৱা, ভাস্বতী দেৱীয়ে ৷ সন্ধিয়া বন্তিপ্ৰজ্বলনৰ পিচত সম্বৰ্ধনা, চিনাকি পৰ্ব আৰু বীৰেন শইকীয়া সোঁৱৰণি মুকলি বিহতলী উন্মোচন কৰিব নামখলা গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আক্ৰাম হুছেইনে আতধৰিব উদযাপন সমিতিৰ সম্পাদক নাৰায়ণ ভট্টই ৷
৯ বজাত আৰম্ভ হব মুকলি বিহু প্ৰতিযোগিতা আৰু বটা বিতৰনী সভা । দ্বিতীয়দিনা পুৱা বিভিন্ন কাৰ্যসূচীৰ পিচত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ ৷ সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰিব কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰনাৱ নাৰায়ণ দেৱে ৷ ১ বজাত মুকলিসভা মঞ্চ উদ্ধোধন কৰিব প্ৰাক্তন জিলা পৰিষদ সদস্য হেমন্ত কুমাৰ ডেকাই৷ বিশিষ্ট সাংবাদিক চক্ৰপাণি পৰাশৰে নিৰ্দিষ্ট বক্তাৰ ভাষন প্ৰদান কৰা সভাখন সভাপতিত্ব কৰিব উদযাপন সমিতিৰ সভাপতি কন্দৰ্প শইকীয়াই । ৰূপালী জয়ন্তীৰ মেৰুদণ্ডস্বৰূপ স্মৃতি গ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক কমলা কান্ত ডেকাই ৷
মুখ্য অতিথি, বিশিষ্ট অতিথি, সন্মানীয় অতিথি হিচাবে সভাত উপস্থিত থাকিব ক্ৰমে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস আৰু জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ লগতে কেইবা গৰাকী আমন্ত্ৰিত অতিথি ৷ উদযাপন সমিতিৰ বিষয়ববীয়াই জানিব দিয়া অনুসৰি নৃত্য প্ৰতিযোগিতাৰ ভৰ্তি মাচুল ১৫০ টকা আৰু প্ৰতিযোগিতা মুলক বিহুৰ ভৰ্তি মাচুল ২০০ টকা । উল্লেখযোগ্য যে সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩০০১ টকা, দ্বিতীয় ২৫০১ টকা তৃতীয় ২০০১ টকা আৰু বৰ বিহুৱতীৰ প্ৰথম পুৰস্কাৰ ৩০০১ টকা, দ্বিতীয় পুৰস্কাৰ ২৫০১ টকা, তৃতীয় ২০০১ টকা। আনহাতে মুকলি বিহুৰ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ১১,১১১ টকা দ্বিতীয় ৭,৭৭৭টকা, আৰু তৃতীয় পুৰস্কাৰ ৫,৫৫৫ টকা।