অসম – মিজোৰাম সীমান্তত যোৱা ২৬ জুলাইৰ দিনা সংঘটিত হোৱা দূষ্কাৰ্য্যত অসম আৰক্ষীৰ ছয় গৰাকী বীৰ জোৱান আৰু এগৰাকী সাধাৰণ লোকৰ উপৰিও অন্যান্য ডেৰ কুৰিতকৈ অধিক লোকৰ আঘাত হয়। এই মৰ্মান্তিক ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত ঘটনাত হতাহত হোৱা বীৰ জোৱান সকলোৰ আত্মাৰ সদগতি কামণা কৰি আজি কামৰূপ জিলাৰ বকোত আয়োজন কৰা হয় শ্ৰদ্ধাঞ্জলি অনুস্থানৰ। উল্লেখ্য যে ; আজি বকো বজাৰ সমিতিৰ উদ্যোগত বকো বজাৰৰ মাজমজিয়াত সম্পূৰ্ণ কোভিড প্ৰ’টকল মানি আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুস্থানৰ। বকো বজাৰ সমিতিৰ সভাপতি খগেন ঠাকুৰীয়াই সঞ্চালনা কৰা শ্ৰদ্ধাঞ্জলি অনুস্থানৰ আত ধৰে প্ৰাক্তন ছাত্ৰ নেতা তথা যুৱ সমাজ কৰ্মী ধনঞ্জয় মেধিয়ে।

মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত হোৱা ঘটনাৰ পুনৰাবৃত্তি নহোওক তাৰ কামণা কৰি মৃতক বীৰ জোৱানৰ আত্মাৰ সদগতি কামণা কৰাৰ লগতে চিকিৎসাধীন হৈ হকা সকলোৰ আশু আৰোগ্য কামণা কৰি আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুস্থানত শতাধিক বন্তি প্ৰজ্বলন কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুস্থানত অংশগ্ৰহণ কৰে বকো আৰক্ষী থানাৰ উপ আৰক্ষী বিষয়া মুনিন্দ্ৰ কলিতা ; দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম শৰ্মা ; বকো সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ নগেন কলিতা ; বিশিষ্ট সমাজ কৰ্মী জয়দেৱ অধিকাৰী ; অৱসৰপ্ৰাপ্ত শিক্ষক গীৰিন্দ্ৰ কুমাৰ চৌধুৰী ; সমাজ কৰ্মী অচ্যুত সাহা ; কৃষ্ণকান্ত বেণাৰ্জী আদিকে ধৰি বহু কেইজন বিশিষ্ট শিক্ষাবিদ ; সমাজ সচেতন নাগৰিক। সকলোৱেই অসম – মিজোৰাম সীমান্তৰ লাইলাপুৰৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু এনে ঘটনাৰ পুনৰাবৃত্তি নহোওক তাৰ কামণা কৰে।

