বকোৰ ভখুৰাদিয়াত চোৰাং কাঠৰ বিৰুদ্ধে বকোৰ বনকৰ্মীৰ নিশা অভিযান : অবৈধ কাঠফলা মিল জব্দ

বকোৰ আগছিয়াৰ পৰাও গাড়ীসহ জব্দ বৃহৎ পৰিমানৰ ফলাকাঠ

বন মাফিয়াৰ হাতোৰাত বন্দী পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলসমূহ সম্প্ৰতি উছন হোৱাৰ পথত ৷ দীৰ্ঘদিন ধৰি ইয়াৰ মূল্যৱান বনজ সম্পদৰ লগতে মূল্যৱান গছ- গছনিসমূহ বন মাফিয়া তথা চোৰাং ব্যৱসায়ীয়ে এফালৰ তহিলং কৰি চলাই গৈছে ধ্বংসযজ্ঞ ৷ বনজ সম্পদৰ এই ধ্বংসলীলা   ৰুধিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকো বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদে দিনে- নিশাই চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে চলাইছে ধাৰাবাহিক অভিযান ৷ প্ৰচণ্ড বৰষুণৰ মাজতে  বনাঞ্চলিক বিষয়া গৰাকীৰ নেতৃত্বত  যোৱানিশাও  বন বিভাগে চলায় দুটা সফল অভিযান ৷ বকো সমষ্টিৰ সোণতলীৰ ভখুৰাদিয়াত নিশা প্ৰায় তিনি বজাত অবৈধ কাঠ ফলা মিল আৰু কাঠৰ চোৰাং বিৰুদ্ধে বকো বনাঞ্চলিক কাৰ্যালয়ৰ টহলদাৰী বনকৰ্মীৰ অভিযানত এখন কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ গোপন সূত্ৰ পমখেদি চলোৱা এই অভিযানত ভখুৰাদিয়াত দীৰ্ঘদিনে কাঠৰ চোৰাং ব্যৱসায়ী এজনে চলাই আহিছিল এই অবৈধ কাঠফলা মেচিনটো ৷ জব্দ কৰা মেচিনটোৰ মূল্য মূল্য প্ৰায় ডেৰ লাখ টকা হ’ব বুলি বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে ৷ পিচত জব্দকৃত মেচিনটো নিশাই বকো বনাঞ্চলিকৰ কাৰ্যালয়লৈ লৈ আহে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহয় ৷ ইয়াৰোপৰি যোৱানিশা বকো বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদৰ নেতৃত্বত বকো বনকৰ্মীৰ দলে বকোৰ আগছিয়াৰ পৰাও এ এচ ২৫ চি চি ৬৪৫৩ নম্বৰৰ ফলাকাঠ ভৰ্তি এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷ 

Related Articles