বৰপেটাত ৩৪৩.২৪ কুইন্টল চাউল সহ বলেৰো পিক আপ ভান জব্দ

বৰপেটাৰ সমীপৰ কাহিবাৰীৰ ছাহজাহান আলীৰ ঘৰ সংলগ্ন গোডাউনত টিকেন দাস নামৰ ব্যবসায়ী জনে দিৰ্ঘ্যদিন ধৰি চলাই আছিল চোৰাং চাউলৰ ৰোম ৰোমিয়া বেহা।বৰপেটা জিলা উপায়ুক্তৰ নিৰ্দেশক্ৰমে অতিৰিক্ত উপায়ুক্ত নবজিৎ পাঠকৰ নেতৃত্বত খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটি দলে শনিবাৰে অভিযান চলাই  চাউলখিনি জব্দ  কৰিবলৈ সক্ষম হয়।উক্ত চাউল খিনি মৰাপাট বেগৰ পৰা প্লাষ্টিক বেগত চাউল সমূহ ভৰাই থকা অৱস্থাত চাউল সহ দুটা চিলাই মেচিন, দুটা ওজন জোখা মেচিন, সৰু জেনেৰেটৰ আৰু মৰাপাট, প্লাষ্টিক বেগ সহ জব্দ কৰে।লগতে চাৰিচকিয়া বাহন এখন জব্দ কৰে। বাহন খনৰ নম্বৰ AS15C 8794 । 

Related Articles